জম্মু-কাশ্মীৰত নগৰপালিকা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ

জম্মু-কাশ্মীৰত নগৰপালিকা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ

ডিজিটেল ডেস্কঃ মঙলবাৰে জম্মু-কাশ্মীৰৰ নগৰপালিকা নিৰ্বাচনৰ চতুৰ্থ তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ৩৭টা ৱাৰ্ডত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। প্ৰায় ১৩ বছৰৰ এক দীৰ্ঘ সময়ৰ ব্যৱধানত অনুষ্ঠিত হোৱা এই নগৰপালিকা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ মুঠ ১৩২টা ৱাৰ্ডত হোৱাৰ বাবে নিৰ্ধাৰিত আছিল যদিও ৯৫টাকৈ ৱাৰ্ডত নিৰ্বাচন বৰ্জন কৰাৰ বাবে বৰ্তমান ৩৭টা ৱাৰ্ডত হৈছে এই নিৰ্বাচন।

সন্ত্ৰাসজৰ্জৰ অঞ্চলটোত ইতিমধ্যে হৈ যোৱা ভোটগ্ৰহণত প্ৰায় ৪১ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ১৬ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত জম্মুৰ সাম্বা জিলাত ৮২ শতাংশ ভোটাৰে ভোট দিয়াৰ বিপৰীতে দক্ষিণ কাশ্মীৰত এই পৰিমাণ আছিল ৩.০২ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in