৩৭০ ধাৰা প্ৰত্যাহাৰ অসংবিধানিক! কংগ্ৰেছে দাখিল কৰা আবেদনৰ আজি হ’ব উচ্চতম ন্যায়ালয়ত শুনানি

৩৭০ ধাৰা প্ৰত্যাহাৰ অসংবিধানিক! কংগ্ৰেছে দাখিল কৰা আবেদনৰ আজি হ’ব উচ্চতম ন্যায়ালয়ত শুনানি

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ উঠাই লোৱা, ৰাজ্যখনক দ্বিখণ্ডিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা অব্যাহত আছে। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতী, ওমৰ আব্দুল্লা, কংগ্ৰেছকে ধৰি বিভিন্নজনে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তো আবেদন দাখিল কৰা হৈছে। যাৰ শুনানি মঙলবাৰে গ্ৰহণ কৰিব ন্যায়ালয়ে। অৱশ্যে এই জম্মু-কাশ্মীৰৰ বিষয়ক লৈ দাখিল কৰা এখন আবেদনৰ শীঘ্ৰে শুনানিৰ বাবে অস্বীকাৰ কৰিছে ন্যায়ালয়ে।

জম্মু-কাশ্মীৰৰ স্থানীয় সংবাদ মাধ্যমৰ ওপৰত লগোৱা নিষেধাজ্ঞা আতৰ কৰাৰ বাবে দাখিল কৰা এখন আবেদনৰ শীঘ্ৰে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। 'কাশ্মীৰ টাইমছ'ৰ হৈ অনুৰাধা বাছিনে দাখিল কৰা এই আবেদনখনত সাংবাদিকসকলে যাতে জম্মু-কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত মুক্তমনে বাতৰি পৰিৱেশন কৰিব পাৰে, তাৰ বাবে সাংবাদিকৰ ওপৰত লগোৱা নিষেধাজ্ঞা বাতিল কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। লগতে জম্মু-কাশ্মীৰত ব্যাহত হৈ থকা মোবাইল সেৱা, ইন্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিবলৈও অনুৰোধ জনোৱা হৈছিল আবেদনখনৰ জৰিয়তে।

ইফালে, জম্মু-কাশ্মীৰৰ পৰিস্থিতিক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা আন এখন আবেদনত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক অসংবিধানিক আখ্যা দিয়া হৈছে আৰু তাৰ বিৰুদ্ধে হস্তক্ষেপ বিচৰা হৈছে। এই আবেদনখন দাখিল কৰিছে কংগ্ৰেছ সমৰ্থক তহছীন পুনাৱালাই। ইয়াৰোপৰিও জম্মু-কাশ্মীৰৰ পৰিস্থিতিক লৈ উচ্চতম ন্যায়ালয়ত অন্য এখন আবেদন দাখিল কৰা হৈছে। এই আবেদনসমূহৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰা, ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ অজয় ৰস্তোগীয়ে।

উল্লেখ্য যে, যোৱা ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰ পুনৰগঠন বিধেয়কখন উত্থাপন কৰিছিল। তাৰ পিছত বিধেয়কখনে ৰাজ্যসভা আৰু লোকসভা দুয়োখন সদনতে গৃহীত হৈ ৰাষ্ট্ৰপতিৰ সন্মতিত আইনৰ ৰূপ লয়। অমিত শ্বাহে দাবী কৰিছিল যে এই আইনৰ জৰিয়তে জম্মু-কাশ্মীৰৰ বিকাশ সম্ভৱ হ'ব। আনহাতে বিশেষজ্ঞৰ সৈতে আলোচনা কৰাৰ পিছতহে জম্মু-কাশ্মীৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলিও মন্তব্য কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। কিন্তু সদনত এই বিধেয়ক উত্থাপন হোৱাৰ পিছতে বিৰোধীয়ে তাৰ তীব্ৰ বিৰোধিতা কৰে।

ইফালে কাশ্মীৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ১৪৪ ধাৰা জাৰি হৈ আছে। অৱশ্যে সোমবাৰৰ দিনটোত ঈদ উপলক্ষ্যে ঠায়ে ঠায়ে ১৪৪ ধাৰা উঠাই লোৱা হৈছিল যদিও মঙলবাৰে পুনৰ জাৰি কৰা হৈছে। আনহাতে জম্মুৰ পৰা ১৪৪ ধাৰা উঠাই লৈ মোবাইল আৰু ইন্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in