৯ দিনৰ অন্তত দুৰ্ঘটনাত মৃত্যু হোৱা ৩ লোকৰ মৃতদেহ উদ্ধাৰ

৯ দিনৰ অন্তত দুৰ্ঘটনাত মৃত্যু হোৱা ৩ লোকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰামবনৰ সমীপৰ বেটেৰী চশ্বমাত বুধবাৰে উদ্ধাৰ হয় ৩টাকৈ মৃতদেহ। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে উদ্ধাৰ কৰে এই মৃতদেহ কেইটা।

উল্লেখ্য যে, যোৱা ৫ নবেম্বৰত এখন ট্ৰাক খহনীয়াৰ ফলত বাগৰি পৰিছিল এটা দ' খাৱৈত। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ ভিতৰতে আছিল এই লোককেইজন। খহনীয়াৰ ফলত মাটিৰ তলত পোত খাই যোৱা এই লোক কেইজনক উদ্ধাৰ কৰিবলৈ অভিযান চলাইছিল এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে। ৯দিন ধৰি চলোৱা অভিযানৰ পাছত বুধবাৰে উদ্ধাৰ কৰা হয় লোক কেইজনৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in