জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণঃ সেনাই ক’লে- ‘তোমাৰ একো নহয়’, ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’…

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণঃ সেনাই ক’লে- ‘তোমাৰ একো নহয়’, ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’…

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ'। জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযান সময়ত এটা সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰা ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে, আত্মসমৰ্পণ কৰা সন্ত্ৰাসবাদীটোৰ বয়স প্ৰায় ২০ বছৰ। আৰু সন্ত্ৰাসবাদীটোৰ নাম জাহাংগীৰ ভট বুলি চিনাক্ত কৰা হৈছে।

লগতে নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে এটা এ কে ৪৭ ৰাইফল। ভিডিঅ'টোত সন্ত্ৰাসবাদীটোৱে আত্মসমৰ্পণ কৰাৰ পূৰ্বে নিৰাপত্তা বাহিনীয়ে আহ্বান জনাই কয়- 'তোমাক কোনেও একো নকৰে। কোনোৱে গুলী নামাৰে।' এক নাটকীয় ধৰণে আত্মসমৰ্পণ কৰা এই ভিডিঅ'টো বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইফালে, এজন সেনা জোৱানে সন্ত্ৰাসবাদীটোক পানী দিয়া বুলি কোৱাও শুনা পোৱা যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in