জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জীৱন যাপন কলা সম্পৰ্কীয় কৰ্মশালা

জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জীৱন যাপন কলা সম্পৰ্কীয় কৰ্মশালা

ডিজিটেল ডেস্কঃ মঙলবাৰে সামৰণি পৰিল জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত আৰ্ট ফৰ লিভিং অৰ্থাৎ জীৱন যাপন কলা সম্পৰ্কীয় কৰ্মশালাৰ। ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশৰ উন্নতিৰ হকে আয়োজন কৰা হৈছিল কৰ্মশালাখনি। কৰ্মশালাখনত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ভাগ লয়।

বিশেষজ্ঞ শ্ৰী ৰবিশংকৰে তৈয়াৰ কৰা ইয়েছ কোৰ্চ নামৰ জীৱন যাপন সম্পৰ্কীয় শক্তিশালী প্ৰক্ৰিয়াটো সকলো ছাত্ৰ-ছাত্ৰীয়ে অতি মনোযোগেৰে আয়ত্ব কৰিবলৈ যত্ন কৰে। এই বিভাগৰ প্ৰশিক্ষিতা আৰু পৰিচালিকা বিভা বৰুৱাই অনুষ্ঠানটোত দুগৰাকী সহযোগীৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক জীৱন যাপনৰ কলা সম্পৰ্কত যথেষ্ট জ্ঞান দিয়াৰ লগতে কৰ্মশালাখন সুন্দৰভাৱে পৰিচালনা কৰে। জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্বৰিফা আৰা আহমেদে শুভাৰম্ভ কৰে কৰ্মশালাখনী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in