জাকিৰ নায়কৰ ইছলামিক ৰিচাৰ্চ ফাউণ্ডেচনৰ ওপৰত থকা নিষেধাজ্ঞা পুনৰ ৫ বছৰলৈ বৃদ্ধি…

জাকিৰ নায়কৰ  ইছলামিক ৰিচাৰ্চ ফাউণ্ডেচনৰ ওপৰত থকা নিষেধাজ্ঞা পুনৰ ৫ বছৰলৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ বিতৰ্কিত ইছলামিক প্ৰচাৰক জাকিৰ নায়কৰ দ্বাৰা পৰিচালিত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেচনৰ ওপৰত থকা নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইছলামিক প্ৰচাৰকগৰাকীৰ ফাউণ্ডেচনৰ ওপৰত থকা নিষেধাজ্ঞা পুনৰ ৫ বছৰ বৃদ্ধি কৰা হৈছে। সোমবাৰে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে অৱগত কৰিছে।

দেশৰ গৃহমন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যে জাকিৰ নায়কে দিয়া বিবৃতি, ভাষণ আপত্তিজনক আৰু ধ্বাংসাত্মক। ই ধৰ্মীয় গোটবোৰৰ মাজত শত্ৰুতা, ঘৃণা বৃদ্ধি কৰে। একে সময়তে নায়কৰ ভাষণে ভাৰত আৰু বিদেশৰ বিশেষ ধৰ্মৰ যুৱক-যুৱতীকসকলক সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰিবলৈ অনুপ্ৰাণিত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in