সাদিন-প্ৰতিদিন গোষ্ঠীৰ জনসংযোগ কাৰ্যসূচী, বটদ্ৰৱাত বয়োজ্যেষ্ঠ আৰু বিভিন্ন ক্ষেত্ৰৰে জড়িত ১০ গৰাকী ব্যক্তিক সম্বৰ্ধনা…

সাদিন-প্ৰতিদিন গোষ্ঠীৰ জনসংযোগ কাৰ্যসূচী, বটদ্ৰৱাত বয়োজ্যেষ্ঠ আৰু বিভিন্ন ক্ষেত্ৰৰে জড়িত ১০ গৰাকী ব্যক্তিক সম্বৰ্ধনা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আৰম্ভ কৰা জনসংযোগ কাৰ্যসূচীৰ অংশ হিচাপে নগাঁও জিলাৰ বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ বয়োজ্যেষ্ঠ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ১০ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। বটদ্ৰৱা অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ অসমীয়া প্ৰতিদিনৰ বটদ্ৰৱাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই প্ৰতিদিন গোষ্ঠীৰ হৈ প্ৰত্যেককে একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে চৰণ চুই সেৱা আগবঢ়াই।

লগতে লকডাউনৰ সময়চোৱাত হোৱা সমস্যা আৰু অসুবিধাৰ বুজ লৈ মত বিনিময় কৰে। সাংবাদিকগৰাকীয়ে ৬৬ বছৰীয়া আইভেটি ফাগুনী খাটনিয়াৰৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ বৰা, বটদ্ৰৱা আৰক্ষী থানাৰ ৫৮ বছৰীয়া মহিলা আৰক্ষী তথা সৰবৰহী মহিলা তিলেশ্বৰী কলিতা, নৰোৱা ভেটিয়নী সত্ৰৰ ৭০ বছৰীয়া নামতি তথা হোমিওপেথিক চিকিৎসাৰে সেৱা আগবঢ়োৱা আইমাতৄ মুকুতা গোস্বামী, বটদ্ৰৱা বাটমাৰীৰ ৯০ বছৰীয়া সমাজকৰ্মী আবুল কাছেম ইত্যাদি।

লগতে বাটমাৰীৰ আশা কৰ্মী সনজিদা বেগম, ৰামপুৰ সত্ৰৰ ৭০ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক আনৱাৰুল হক চৌধুৰী, লকডাউনৰ সময়ছোৱাত বহু বাধা নেওচি বৃহত্তৰ বটদ্ৰৱা আৰু বেবেজীয়া অঞ্চলত বাতৰি কাকত বিলোৱা হকাৰ বুল মুদৈ, ৬৭ বছৰীয়া বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, ৬৫ বছৰীয়া নসত্ৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী চেনিমাই কলিতা, বটদ্রৱা ক্ষুদ্ৰ প্ৰৰাথমিকচিকিৎসালয়ৰ চিকিৎসক ডাঃ কল্প মালাকাৰৰ গৃহতো উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

আনহাতে সাদিন-প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ পিছতে আইমাতৄ মুকুতা গোস্বামী, বাটমাৰীৰ ৯০ বছৰীয়া আবুল কাছেম সৈতে মবাইলযোগে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই মত বিনিময় কৰি স্বাস্থ্যৰ বুজ লয়।

সম্বৰ্ধনা গ্ৰহণ কৰি বয়োজেষ্ঠ মহিলা আৰক্ষী তিলেশ্বৰী কলিতাই দীৰ্ঘদিন ধৰি নিৰবে সেৱা আগবঢ়াই অৱসৰৰ প্ৰাক মুহূৰ্তত প্ৰতিদিন গোষ্ঠীয়ে খবৰ লোৱাত তেওঁৰ চকুলো বৈ আহে।

আনহাতেদি বাটমাৰীৰ আশা কৰ্মী সনজিদা বেগমে "আমাৰ দৰে সৰু সৰু মানুহৰ কাষত আহি প্ৰতিদিন গোষ্ঠীয়ে যি মৰম দিলে, আমি অভিভূত হৈ পৰিছোঁ।" বুলি মন্তব্য প্ৰদান কৰে।

বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ বৰাই লকডাউনৰ সময়ত প্ৰতিদিন গোষ্ঠীয়ে লোৱা এই প্ৰচেষ্টাক সচাকৈ প্ৰশংসনীয় বুলি মত প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in