জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন

জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ সংবাদসেৱীসকলৰ মঞ্চ জাজৰি প্ৰেছ ক্লাৱৰ ১২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ১৯ আগষ্টত দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হৈ যায়৷

জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত পুৱা ৯ বজাত শিক্ষাবিদ ফইজুৰ ৰহমানে স্মৃতি তৰ্পন কৰাৰ অন্তত  ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰাইজমাণি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ১১ বজাৰ পৰা বিদ্যালয়খনিৰ অধ্যক্ষ মঞ্জুল কটকীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতিয়ে৷

সভাত বিশিষ্ট সাহিত্যিক, লেখক মৃদুপৱন বৰা, শিক্ষাবিদ থগিত মহন্ত, দৈনিক বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক ডেভিদ দাস, জ্যেষ্ঠ সাংবাদিক সমৰেন্দ্ৰ নাৰায়ণ বৰাৰ লগতে বহুকেইগৰাকী বিশিষ্ট লেখক, সাহিত্যিক আৰু সাংবাদিকে অংশগ্ৰহণ কৰি চমু বক্তব্য প্ৰদান কৰে।

সভাৰ আৰম্ভণিতে জাজৰি প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত মুদৈৰ তত্বাবধানত সদ্য প্ৰয়াত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত জননেতাজনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়৷

ইফালে, মুকলি সভাৰ অন্তত সোণাইপৰীয়া শাখা কবি সন্মিলনৰ ব্যৱস্থাপনাত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী কবিমেল অনুষ্ঠিত হয়। কবি কেশৱ বৰাৰ সঞ্চালনা অনুষ্ঠিত হোৱা এই কবিমেলত নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া, বিশিষ্ট কবি পৰান কুমাৰ বৰুৱা, 'নুপূৰ মোমাইদেউ'খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যকে ধৰি বিভিন্ন প্ৰান্তৰ প্ৰায় দুকুৰিৰো অধিক ন-পুৰণি কবিৰ অংশগ্ৰহণেৰে কাব্য ৰসৰ সোৱাদ দি অনুষ্ঠানটি জীপাল কৰি তোলে৷ সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ দিনযোৰা কাৰ্যসূচীৰ অন্ত পৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in