শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

জম্মু-কাশ্মীৰত জেহাদৰ ভাবুকি পাক সমৰ্থিত জে ই এমৰ!

506

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বিলুপ্তি ঘটাই ৰাজ্যখনৰ বিশেষাধিকাৰ কৰ্তন কৰাৰ পিছত ভাৰতক লৈ পাকিস্তানৰ অসন্তুষ্টি বৃদ্ধি পাইছে। ব্যৱসায়ীক, কূটনৈতিক আদি ইটোৰ পিছত সিটো সম্পৰ্ক ভাৰতৰ সৈতে ছেদ কৰিছে পাকিস্তানে। আনকি জম্মু-কাশ্মীৰক লৈ ভাৰতৰ ওপৰত ক্ষোভ ব্যক্ত কৰি ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনটোত পাকিস্তানে পালন কৰিলে ক’লা দিৱস।

পাকিস্তানৰ পিছত জম্মু-কাশ্মীৰক লৈ ভাৰতক ভাবুকি প্ৰদান কৰিবলৈ উদ্যত হৈছে পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি সন্ত্ৰাসবাদী সংগঠনটোৱে পাক অধিকৃত মুজাফ্ফৰাবাদত জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ উঠাই লোৱাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু জম্মু-কাশ্মীৰত ‘জেহাদ’ সৃষ্টিৰ ভাবুকি দিয়ে।

খবৰ অনুসৰি, জেইএমে সাব্যস্ত প্ৰতিবাদত কয়, ‘সংবিধানৰ ধাৰা ৩৭০, ৩৫এ বিলুুপ্তিৰ পিছত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া বহু আগতেই লোৱা উচিত আছিল। কিন্তু আমি নিৰাশ নহও। এতিয়া হিন্দুস্তানৰ সৈতে এক যুদ্ধ হওক। এতিয়া প্ৰতিবাদ, শ্ল’গান, জিন্দাবাদ, মুৰ্দাবাদেৰে একো নহয়। শব্দৰ বিপৰীতে এতিয়া একশ্যন লোৱাটো অধিক গুৰুত্বপূৰ্ণ। ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিবলৈ আমি সাজু আছো।’

ইফালে জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছত ৰাজ্যখনত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকা পূৰ্বৰে পৰাই কৰিছে প্ৰশাসনে। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৪০ হাজাৰ অতিৰিক্ত নিৰাপত্তাৰক্ষীক মোতায়েনৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় চৰকাৰে। অন্যফালে ঈদৰ সময়তো ৰাজ্যখনত কূটাঘাতৰ আশংকা কৰি ঠায়ে ঠায়ে গঢ়ি তোলা হৈছিল কঠোৰ নিৰাপত্তা। ৰাজ্যখনৰ কাশ্মীৰ ঘাটীকে আদি কৰি বিভিন্ন প্ৰান্তত এতিয়াও ১৪৪ ধাৰা জাৰি হৈ আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি