ডিজিটেল ডেস্কঃ চিৰিয়াখানাৰ সমীপৰ গ্ৰেণেড বিস্ফোৰণত আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰতে সফলতা অৰ্জন কৰিলে। ম'বাইলফোনৰ আঁত ধৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰাণময় ৰাজগুৰু নামৰ আলোচনাপন্থী নেতাগৰাকীক। তাৰপাছতেই পুৱাই ৪ বজাতে আৰক্ষীয়ে অভিযান চলাইছিল পাঞ্জাবাৰী নামঘৰ পথৰ ১০নং ঘৰত।
সেই ঘৰটোত থকা এটা ভাড়াঘৰত অভিযান চলাই আৰক্ষীয়ে আটক কৰে জাহ্নৱী শইকীয়া নামৰ সৰু পৰ্দাৰ অভিনেত্ৰীগৰাকীক। শিৱসাগৰৰ আমোলাপট্টিত ঘৰ জাহ্নৱী শইকীয়াৰ।কেইবাখনো ছিৰিয়েলত অভিনয় কৰা জাহ্নৱীৰ পিতৃৰ নাম আনন্দমোহন দাস।
জাহ্নৱীৰ পিতৃ এগৰাকী বিশিষ্ট চিকিৎসক। জাহ্নৱীৰ ভাতৃয়েও মহানগৰীৰ এখন অভিজাত চিকিৎসালয়ৰ চিকিৎসক। জানিবপৰা মতে, জাহ্নৱীৰ আন এজন ভাতৃও চিকিৎসা বিত্তীৰে জড়িত। অৱশ্যে সুখৰ নাছিল জাহ্নৱীৰ বৈবাহিক জীৱন।
অভিনয়ৰ লগতে কাব্য চৰ্চা কৰে জাহ্নৱীয়ে। দুই সন্তানৰ মাতৃ জাহ্নৱী। জানিবপৰা মতে, তেওঁৰ জ্যেষ্ঠ সন্তানো চিকিৎসক। অভিনয় জগতৰ বহু অভিনেত্ৰাৰে সু-সম্পৰ্ক আছে জাহ্নৱীৰ। এখন জনপ্ৰিয় ধাৰাবাহিকৰ মুখ্য চৰিত্ৰত অভিনয় কৰা এগৰাকী অভিনেতাৰেও জাহ্নৱীৰ আছে ঘনিষ্ঠ সম্পৰ্ক।
ইতিমধ্যে জাহ্নৱীৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৪৫ কেজি বিস্ফোৰক, ২৫ জাঁই সজীৱ গুলী আৰু ৯এম এম এটা পিষ্টল। এই বিস্ফোৰণৰে এতিয়া জাহ্নৱী কেনেদৰে জড়িত সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।