দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা মঙলদৈত জাগ্ৰত নাট সমাৰোহ

দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা মঙলদৈত জাগ্ৰত নাট সমাৰোহ

ডিজিটেল সংবাদ, মঙলদৈঃ জাগ্ৰত সাংস্কৃতিক গোষ্ঠী, মঙলদৈৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কলিতাপাৰাৰ জাগ্ৰত ৰঙ্গশালাত প্ৰথম বাৰ্ষিক জাগ্ৰত নাট সমাৰোহ আৰম্ভ হৈছে। এই উপলক্ষে শনিবাৰে পুৱা সভাপতি প্ৰাঞ্জল শৰ্মাই পতাকা উত্তোলন আৰু শিল্পী মহেন্দ্ৰ ডেকা আৰু শেখৰ মজুমদাৰে স্মৃতি তৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে সদৌ অসম ভিত্তিত অনুষ্ঠিত একক অভিনয় প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱনি কৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ আৰু নাট্যকাৰ-পৰিচালক নয়ন জ্যোতি কাশ্যপে।

এই প্ৰতিযোগিতাৰ 'ক' শাখাত হিমৰাজ হাজৰিকাই শ্ৰেষ্ঠত্ব অৰ্জন কৰে। আনহাতে 'খ' শাখাত শ্ববনম নাৰ্গীছ প্ৰথম, দীপিকা ৰাণী দেৱী দ্বিতীয়, নৱজিৎ কলিতা তৃতীয় আৰু ঐনিতম সূৰ্য ডেকাই বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। সন্ধিয়া ৬ বজাত বিধায়ক গুৰুজ্যোতি দাসে মঞ্চ উদ্বোধন কৰে। স্মৰণিকা উন্মোচন কৰে মঙলদৈ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক অনুপম ডেকাই। এই অনুষ্ঠানত জিলা পৰিবহন বিষয়া কুমাৰ সঞ্জয় কৃষ্ণ, সাংবাদিক গণেশ দত্ত, নাট্যকাৰ-পৰিচালক নয়ন জ্যোতি কাশ্যপ, মানৱ প্ৰতীম দাস, মটৰ পৰিবহন পৰিদৰ্শক পদ্মলোচন হাজৰিকা, সমাজকৰ্মী ক্ৰমে- বিজয় চান্দ, অম্বিকা চৰণ ডেকা, প্ৰকৃতি প্ৰেমী, কৃতি শিক্ষক হৰেশ্বৰ বৰা, ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ ৰফিক আহমেদ, ভূমিদাতা ডম্বৰুধৰ কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ইয়াৰ পিছতে দীপজ্যোতি কলিতাৰ পৰিচালনাত জাগ্ৰত সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰে 'হিৰণ্যকশিপু মাৰ্ডাৰ কেচ'। এই নাটকত এজাক শিশু ক্ৰমে- অসীম জ্যোতি ডেকা, জ্ঞানেশ হাজৰিকা, কুনাল চান্দ, ধৰ্মিষ্ঠা চান্দ, অংকুমণি বণিয়া, ডেনিচ নাথ, লিপিকা বৈশ্য, বনশ্ৰী কলিতা, কুঁৱলী বৰুৱা, জ্ঞানদীপ আৰ কাশ্যপ, অংকুৰ বৰা, দিব্যজ্যোতি শৰ্মা আৰু অভিজিৎ লহকৰে দুৰ্দান্ত অভিনয় কৰি দৰ্শকৰ মন জয় কৰে।

কংকন কাশ্যপ কলিতাৰ সংগীত ব্যৱস্থাপনা, সুবল নাথৰ মঞ্চসজ্জা, অৰুন্ধতী শৰ্মা, বৰষা ডেকাৰ সাজ সজ্জা, জ্যোতিৰ্ময় শৰ্মা আৰু সৌৰভ চহৰীয়াৰ পৰিচালনা সহযোগী হিচাপে সফল হৈছে। আনহাতে ড'নাক গিল্ডে পৰিবেশন কৰে 'অ'ল্ড ইজ গ'ল্ড'। দেবব্ৰত ডেকা পৰিচালিত এই নাটকখনৰ আৱহ সংগীত নিৰ্মালী দেৱী শৰ্মা, পোহৰ হীৰক জ্যোতি কলিতা আৰু অভিনয়ত দীপাংকৰ ভূঞা, নৱজিৎ কলিতা, দেবব্ৰত ডেকাই দক্ষতা প্ৰতিপন্ন কৰে। দেওবাৰে নাট সমাৰোহৰ সামৰণি পৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in