জাগীৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত নিৰ্বাচন উপলক্ষে বিজেপিৰ বিশাল কৰ্মী সভা

জাগীৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত নিৰ্বাচন উপলক্ষে বিজেপিৰ বিশাল কৰ্মী সভা

ডিজিটেল সংবাদ, মায়ংঃ সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে ৭৯ নং জাগীৰোড বিধান সভা সমষ্টিত ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী ব্যস্ততা যথেষ্ট বৃদ্ধি পাইছে। শাসক দল বিজেপিৰ সমানে সমানে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলেও সমষ্টিত ব্যাপক প্ৰচাৰ চলাই আছে। বুধবাৰে জাগীৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ এখন বিশাল সাংগঠনিক সভা অনুষ্ঠিত হয়।

সমষ্টিৰ প্রায় সহস্ৰাধিক দলীয় নেতা কৰ্মীৰ উপস্থিতিত বুধবাৰে অনুষ্ঠিত সাংগঠনিক সভাখনত আগন্তুক নিৰ্বাচন উপলক্ষে সাজু হবলৈ দলৰ কার্যকৰ্তা সকলক আহ্বান জনায় সমষ্টিৰ বিধায়ক তথা যুৱ মন্ত্ৰী পীয়ুষ হাজৰিকাই। জাগীৰোড সমষ্টিত যোৱা পাঁচটা বছৰত বিধায়ক জনে কৰা উন্নয়ন মূলক কামৰ ওপৰত কিছু খতিয়ান দাঙি ধৰাৰ উপৰিও দলীয় কৰ্ম-কৰ্তা সকলে বিধায়ক জনক কৰি অহা সহযোগিতাৰ বাবে ধন্যবাদ জনাই ভাষণ প্ৰদান কৰে।

মন্ত্ৰী হাজৰিকাই ভাষণ প্ৰসংগত কয়- দলে যদি উপযুক্ত বুলি ভাবি টিকট প্ৰদান কৰে জাগীৰোডত পুনৰ নিৰ্বাচন খেলিব।সভাত কিছু সময় কটোৱাৰ পিছতেই দিল্লীলৈ উৰা মাৰে মন্ত্ৰী হাজৰিকা।বিশেষ সূত্ৰে পোৱা খৱৰ মতে সমাগত নিৰ্বাচন উপলক্ষে এক গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে দিল্লীলৈ ৰাওনা হৈছে মন্ত্ৰীগৰাকী ।উল্লেখযোগ্য যে, বিজেপিয়ে অসমৰ পৰা যি কেইটা সমষ্টিৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰি দিল্লীলৈ টিকটৰ বাবে এজনকৈ প্ৰাৰ্থীৰ নাম প্ৰেৰণ কৰিছে তাৰে ভিতৰত অন্যতম সমষ্টি হ'ল জাগীৰোড।

দলৰ কার্যকৰ্তা সকলে একমাত্ৰ বৰ্তমানৰ বিধায়ক পীয়ুষ হাজৰিকাৰ নামেই সমষ্টিৰ পৰা প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।সেই সূত্ৰে পীয়ুষ হাজৰিকাই টিকট পোৱাটো নিশ্চিত আৰু জাগীৰোডত নিৰ্বাচন খেলাটো খাটাং।আজিৰ সাংগঠনিক সভা খনত ভাষণ প্ৰদান কৰে জাগীৰোড সমষ্টি ৰ প্ৰভাৰী সঞ্জীৱ শৰ্মা আৰু কেইবাজনো দলীয় নেতাই।সভাত সমষ্টিৰ তিনিটা মণ্ডলৰ তিনিজন সভাপতি উপস্থিত থাকে।

সমাগত নিৰ্বাচনত বিজেপিৰ লগত যুজঁ দিবলৈ সাজু হৈছে ভাষিক সংখ্যা লঘুৰ যুৱ নেতা তথা অসম অনুসূচীত জাতি উন্নয়ন নিগমৰ প্ৰাক্তন উপাধ্যক্ষ স্বপন কুমাৰ মণ্ডল আৰু অসম জাতীয় পৰিষদৰ পৰা প্ৰাক্তন মন্ত্ৰী বুবুল দাস।কংগ্ৰেছৰ পৰা সূৰ্য্য দাস নামৰ আন এগৰাকী যুৱ সমাজকৰ্মীয়ে দলীয় টিকট বিচাৰি আবেদন কৰিছে।মুঠতে বিজেপিৰ শক্তিশালী প্ৰাৰ্থিত্ব প্রত্যাশি পীয়ুষ হাজৰিকাৰ সৈতে কিদৰে যুঁজিব সেয়া লক্ষণীয় হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in