ডাউদৰ ফাইনেন্স মেনেজাৰক লণ্ডনত গ্ৰেপ্তাৰ

ডাউদৰ ফাইনেন্স মেনেজাৰক লণ্ডনত গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ আণ্ডাৰ ৱৰ্ল্ডৰ ড'ন ডাউদ ইব্ৰাহিমৰ ফাইনেন্স মেনেজাৰ জাবিৰ মৌতিক ব্ৰিটেইনত গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তানত বাস কৰা জাবিৰে ডাউদ ইব্ৰাহিমৰ বিত্তীয় লেন-দেনসমূহ চোৱাচিতা কৰিছিল।

লণ্ডনৰ হিলটন হোটেলৰ পৰা ডাউদৰ ঘনিষ্ঠ জাবিৰক গ্ৰেপ্তাৰ কৰা হৈছে। কৰাচী আৰু ডুবাইত ডাউদৰ ব্যৱসায়ৰ লেন-দেনৰ সম্পূৰ্ণ হিচাপ ৰাখিছিল জাবিৰে। দীৰ্ঘসময় ধৰি ডাউদৰ ব্যৱসায় চম্ভালিছিল তেওঁ।

জাবিৰৰ পৰা এখন পাকিস্তানী পাছপৰ্ট উদ্ধাৰ কৰা হৈছে। তেওঁৰ লগত ইংলেণ্ডত থকা ১০বছৰৰ ভিছাও পোৱা গৈছে। কৰাচীত থকা ডাউদৰ বাসগৃহলৈ সঘন আহ-যাহ আছিল জাবিৰৰ।

ইংলেণ্ডৰ চোৰাংচোৱা তথা নিৰাপত্তা সংস্থাসমূহে জাবিৰক জেৰা কৰাৰ সময়ত ডি কোম্পানীৰ গতি-বিধিৰ সন্দৰ্ভত যথেষ্ট তথ্য লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in