বিজেপিৰ নতুন কাৰ্যবাহী সভাপতি নিযুক্তি…

বিজেপিৰ নতুন কাৰ্যবাহী সভাপতি নিযুক্তি…
  • জে পি নড্ডাক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সভাপতি ৰূপে নিযুক্তি।
  • সোমবাৰে আবেলি অনুষ্ঠিত হৈছিল বিজেপিৰ সংসদীয় কমিটীৰ বৈঠক।
  • দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকতে জে পি নড্ডাক দিয়া হয় এই দায়িত্ব।
  • বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি থাকিব অমিত শ্বাহে।
  • পূৰ্বতে বিজেপিত আছিল এক ব্যক্তি এক পদ নীতি।
  • সেই নীতি অনুসৰিয়েই মন্ত্ৰী হোৱাৰ পথত ৰাজনাথ সিঙে এৰিছিল ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব।
  • তাৰপাছতেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে দায়িত্ব লৈছিল অমিত শ্বাহে।
  • ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পাছত মোডীৰ মন্ত্ৰীসভাত গৃহমন্ত্ৰী ৰূপে দায়িত্ব ল'লে অমিত শ্বাহে।
  • তাৰপাছতেই চৰ্চা হৈছিল ৰাষ্ট্ৰীয় সভাপতি পদত কাক দিয়া হ'ব নিযুক্তি?
  • পূৰ্বৰ পৰম্পৰা অনুসৰি মন্ত্ৰী সভাত নথকা কোনো এজন নেতাক এই দায়িত্ব দিব বুলি চৰ্চা হৈছিল।
  • লোকসভা নিৰ্বাচনৰ ভাল ফলাফলৰ পাছত সন্মুখত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন।
  • সেই যুক্তিতেই অমিত শ্বাহক গৃহ মন্ত্ৰীৰ লগতে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি পদত থকাটো উচিত বুলি একাংশ নেতাৰ মন্তব্য।
  • তাৰপাছতেই বিজেপিত প্ৰথমবাৰৰ বাবে নিযুক্তি দিয়া হ'ল কাৰ্যবাহী সভাপতি।
  • বিজেপিৰ নৱ নিযুক্ত কাৰ্যবাহী সভাপতি জে পি নড্ডাক সংসদীয় কমিটীৰ বৈঠকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উষ্ম আদৰণি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in