লোমহৰ্ষক! বৃদ্ধ ককা-আইতাকক হত্যা কৰিলে নিজৰেই পো-নাতিয়ে…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কাঠুৱাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। কাঠুৱাৰ এহাল বৃদ্ধ দম্পত্তিক নিজৰেই পো-নাতিয়ে হত্যা কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, এই ঘটনা সংঘটিত হয় শুকুৰবাৰে নিশা। নিশা ককা-আইতাক শুই থকা অৱস্থাত নাতি চাহিল কুমাৰ ওৰফে মনুই চুৰীকাঘাত কৰি দুয়োকে হত্যা কৰে। নিহত দম্পত্তিহালৰ নাম চন্দ ৰাম (৮২) আৰু সংযুক্তা (৭৫) বুলি জানিব পৰা গৈছে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হয় দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে। কাঠুৱাৰ আৰক্ষী অধীক্ষক শ্ৰীধৰ পাটিলে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। লগতে অভিযুক্ত ব্যক্তিজনক আটক কৰি ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰখা হৈছে বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে। অৱশ্যে এই হত্যা কাণ্ডৰ কাৰণ কি এই সন্দৰ্ভত এতিয়াও অৱগত কৰা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in