শেহতীয়া খবৰ
অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত...  •  বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন...  •  কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’...  •  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী...  •  তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...  •  সোণৰ মাস্কৰ পাছত এইবাৰ বজাৰত হীৰাৰ মাস্কঃ দাম ৪লাখ টকা...  •  হৰ্ছ ট্ৰেডিঙেই কাল হ’ল ৰাজস্থানৰ দুই বিজেপি নেতাৰ  •  ১০০বছৰৰ ভিতৰত কোৰোনা হৈছে সবাতোকৈ ভয়ংকৰ স্বাস্থ্য আৰু আৰ্থিক সংকটঃ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ…  •  কোৰোনাতকৈ ভয়ংকৰ! প্ৰতিদিনে মৃত্যু হ'ব ১২হাজাৰ লোক, আহি আছে 'হাংগাৰ ভাইৰাছ'...

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ IED বিস্ফোৰণ, নিহত ১, আহত ২ সেনা জোৱান

303

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে এটাৰ পিছত এটাকৈ কূটাঘাত সংঘটিত কৰি থকাৰ মাজতে দেওবাৰে অখনুৰ চেক্টৰত ভাৰতীয় সেনাক লক্ষ্য কৰি পুনৰ এক আইইডি বিস্ফোৰণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে।

দেওবাৰে সন্ধিয়া অখনুৰ চেক্টৰত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আইইডি বিস্ফোৰণ ভাৰতীয় সেনাৰ ৩জন জোৱান আহত হয়। আহত জোৱান কেইজনক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সন্ত্ৰাসবাদীয়ে অখনুৰ চেক্টৰত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীক লক্ষ্য কৰিয়েই এই বিস্ফোৰণ সংঘটিত কৰিছিল।

ইফালে চিকিৎসাধীন অৱস্থাত এগৰাকী সেনা জোৱানৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি