শেহতীয়া খবৰ
নগাঁৱৰ কচুৱাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি যুৱ কংগ্ৰেছে জনালে কামৰুল ইছলামৰ বিনাচৰ্তে মুক্তিৰ দাবী, VIDEO  •  পদ্মশ্ৰী সন্মান লাভ কৰি বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংছিৰ প্ৰতিক্ৰিয়া, ক’লে- 'এই সন্মান মোৰ পাঠক সকললৈ উচৰ্গা কৰিছো’  •  পদ্মশ্ৰী সন্মান লাভ কৰি বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংছিৰ প্ৰতিক্ৰিয়া, ক’লে- 'এই সন্মান মোৰ পাঠক সকললৈ উচৰ্গা কৰিছো’  •  ১ মিনিটত ২৫ খবৰ  •  ১ মিনিটত ২৫ খবৰ  •  দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা মঙলদৈত জাগ্ৰত নাট সমাৰোহ  •  ষ্টেডিয়ামত অশালীন আচৰণ! ইংলেণ্ডৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ বেন ষ্টকছক ICC-এ বিহিলে শাস্তি...  •  যদি আপুনি সীমাৰ সুৰক্ষা, ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি আৰু মোডীক সমৰ্থন কৰে তেন্তে বিজেপিক ভোট দিয়কঃ অমিত শ্বাহ  •  দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া! দলত্যাগ কৰি আম আদমী পাৰ্টীত যোগ দিলে ৪ বাৰৰ বিধায়কে…  •  দিল্লীত অসমক লৈ ছাত্ৰনেতাই কৰা মন্তব্যৰ দেশজোৰা প্ৰতিক্ৰিয়া, অসম চৰকাৰে তৰিব গোচৰ...

ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত… VIDEO

180

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত বানৰ লগতে ভূমিস্খলনৰ ফলত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। বুধবাৰে অৰুণাচলপ্ৰদেশতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় ভূমিস্খলনৰ ফলত। বুধবাৰে পুৱা প্ৰায় ৯ বজাত অৰুণাচলপ্ৰদেশ আৰক্ষী মুখ্য কাৰ্যালয়ৰ সমীপত হয় ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত কাইবাখনো বাহন ক্ষতিগ্ৰস্ত হয়।

ইফালে, ইটানগৰৰ আৰক্ষী অধীক্ষক টি এম’ই জনায় যে, ইতিমধ্যে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু আই টি বি পিক ফোনযোগে ভূমিস্খলনৰ বিষয়ে অৱগত কৰা হৈছে। আনহাতে, ভূমিস্খলনৰ ফলত দুজন লোক গুৰুতৰভাৱে আহত হয়। উদ্ধাৰকাৰী দলে দুয়োজন লোকক উদ্ধাৰ কৰি ৰাম কৃষ্ণ মিছন হাস্পতালত ভৰ্তি কৰে। জানিব পৰা মতে, আহত দুজন ক্ৰমে তাৰিণ মাছু আৰু বিৰি তাথ। অৱশ্যে ভূমিস্খলনত কোনো লোকৰ প্ৰাণহানি হোৱা নাই বুলি জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ্য যে, ভূমিস্খলন হোৱা স্থানত উপস্থিত হৈ ৰাজ্যিক গৃহ মন্ত্ৰী এছ এইচ বামাংগে পৰিস্থিতি সন্দৰ্ভত বুজ লয়। ইফালে, ৫খন জেচিবি লৈ এছ ডি আৰ এফ, এন ডি আৰ এফ, আই টি ব, চি আৰ পি এফ, আৰক্ষীয়ে যৌথভাৱে চলাই আছে উদ্ধাৰ অভিযান। আৰু পথত পুনৰ যান-বাহন চলাচলৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি