ইটানগৰ বানপানীৰ শেহতীয়া খবৰ

ইটানগৰ বানপানীৰ শেহতীয়া খবৰ

ডিজিটেল সংবাদ, ইটানগৰঃ বৃহস্পতিবাৰে নিশা ইটানগৰত সংঘটিত হোৱা আকস্মিক বানত সন্ধানহীন ৫জন লোকৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ আন তিনিজনৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান৷ আৰক্ষী, এন ডি আৰ এফ আৰু স্থানীয় লোকে চলাই আছে উদ্ধাৰ অভিযান৷ হঠাতে অহা অস্বাভাবিক বানে ১৫টাৰো অধিক ঘৰ উটুৱাই লৈ যায়।

উল্লেখ্য যে, দুটা পৰিয়ালৰ ছয়জন লোক শুই থকা অৱস্থাতে পাপ্পু নাল্লা নদীখনৰ পানীত উটি গৈছিল৷ ইয়াৰে এজনক উদ্ধাৰ কৰা হৈছে জোলাং অঞ্চলত ৷ উটি যোৱা লোকসকল ইটানগৰৰ বড'নি পলো কলনিৰ৷ আনহাতে, নিশা নদীৰ পাৰত ৰথাই থোৱা এখন আই ২০ গাড়ী আৰু চাৰিখন মটৰ চাইকেল আৰু স্কুটিও নদীৰ পানীত উটি যায়৷ বৰ্তমানলৈ উটি যোৱা গাড়ী কেইখনৰো কোনো সন্ধান পোৱা হোৱা নাই৷

ইটানগৰৰ মাজেৰে বৈ যোৱা চেংকি নদীখনৰ পানী যোৱা নিশাৰ পৰা অস্বাভাবিক হাৰত বাঢ়ি আছে৷ চেংকি নদীৰ পাৰত বসবাস কৰা বহু পৰিয়াল ইতিমধ্যে সুৰক্ষিত স্থানলৈ আতৰি গৈছে আৰু প্ৰশাসনেও সতৰ্কতা অবলম্বন কৰিবলৈ নিৰ্দেশ দিছে৷ ডাৱৰ বিস্ফোৰণৰ বাবেই এই বান পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে৷ দ্বিতীয়টো মৃতদেহ উদ্ধাৰ কৰা হৈছে ঘটনাস্থলীৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ নিলগত নিৰজুলি দলঙৰ ওচৰত এন ডি আৰ এফে উদ্ধাৰ কৰিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in