ইটানগৰত ভয়াৱহ বান-ভূমিস্খলনঃ ১০ যাত্ৰীসহ আধালৈকে পোত গ’ল টাটা ছুমু, নিহত ১, সন্ধানহীন ২

ইটানগৰত ভয়াৱহ বান-ভূমিস্খলনঃ ১০ যাত্ৰীসহ আধালৈকে পোত গ’ল টাটা ছুমু, নিহত ১, সন্ধানহীন ২

ডিজিটেল সংবাদ, ইটানগৰঃ ইটানগৰৰ ডনি পলো বিদ্যামন্দিৰৰ ওচৰত বৰাপানীৰ নদীৰ বাঢ়নি পানীয়ে চলালে তাণ্ডৱ। নদীখনৰৰ সোতে কমেও ৫টা ঘৰ উটুৱাই নিছে অঞ্চলটোৰ৷ মডি ৰিজো নামৰ ঠাইখনতো এটা ঘৰ উটুৱাই নিছে৷ এগৰাকী মহিলা আৰু দুটি শিশু ঘৰটোৰ লগতে উটি যায়৷ পাপু নালা নামৰ ঠাইখনত ইতিমধ্যে এটি মৃতদেহ উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে৷

ইটানগৰৰ আৰক্ষী অধীক্ষক এম হৰ্ষবৰ্ধনে জনোৱা মতে, নিশা হঠাতে নদীখনৰ জলস্তৰ বৃদ্ধি পোৱাত নদী কাষৰীয়া ঘৰ কেইটা পানীত উটি যায়৷ আনহাতে, এন ডি আৰ এফৰ সুত্ৰই জনোৱা মতে- বিভিন্ন স্থানৰ পৰা কমেও ১৫টা ঘৰ বানপানীত উটি যোৱা বুলি তেওঁলোকে খবৰ লাভ কৰিছে ৷ এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে নদীত উটি যোৱা লোকসকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

ইপিনে, ডনি পলো বিদ্যালয়ৰ ওচৰত নদীৰ পানীত মোহন দাস নামৰ এজন লোক উটি গৈছিল যদিও পাছত স্থানীয় লোকে তেওঁক সংকটজনক অবস্থাত উদ্ধাৰ কৰে আৰু আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰে৷ পাপুম পাৰে জিলাৰ হজ-পটিন পথত হোৱা এক ভয়াবহ ভূমিস্খলনৰ ঘটনাত যাত্ৰী কঢ়িয়াই নিয়া এখন টাটা চুমু পাহাৰৰ পৰা খহি অহা বোকাত পোত যায়৷ ১০জন যাত্ৰী কঢ়িয়াই নিয়া চুমুখনৰ যাত্ৰীকেইজন কোনোমতে গাড়ীৰ পৰা ওলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in