ইটানগৰত ২৫ সংখ্যক উত্তৰ-পূব ডিজিপি-আই জি পি সন্মিলন

ইটানগৰত ২৫ সংখ্যক উত্তৰ-পূব ডিজিপি-আই জি পি সন্মিলন

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত আজিৰে পৰা দুদিনীয়াকৈ উত্তৰ-পূব ডিজিপি- আই জি পিৰ সন্মিলন আৰম্ভ হৈছে৷ অসমকে ধৰি উত্তৰ পূবৰ আঠোখন ৰাজ্যৰ লগতে পশ্চিম বংগ আৰক্ষীৰ এজন আই জি পি য়েও সন্মিলনত অংশগ্ৰহণ কৰিছে৷

দৰ্জী খান্দু ৰাজ্যিক কনভেন্ছন চেন্টাৰত আয়োজন কৰা এই গুৰুত্বপূৰ্ণ সন্মিলনখন উদ্ধোধন কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে৷ উদ্ধোধনী ভাষণত খান্দুৱে সকলোকে আদৰণি জনাই কয় যে অপৰাধ নিয়ন্ত্ৰনৰ বেলিকা আৰক্ষীয়ে নিত্য নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ প্ৰযুক্তিৰ বিকাশৰ লগতে উন্নত যোগাযোগ ব্যৱস্থাই অপৰাধীৰ এলেকাৰ পৰিসৰ বৃদ্ধি কৰিছে আৰু সেয়ে আন্তঃৰাজ্যিক আৰু আন্তৰ্জাতিক পৰ্যায়ত উত্তৰপূৰ্বাঞ্চল এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

তেওঁ কয় যে অৰুণাচল প্ৰদেশ শান্তিপূৰ্ণ ৰাজ্য আছিল যদিও অসম আৰু নগালেণ্ডৰ সন্ত্ৰাসবাদী সংগঠনে অৰুণাচলক ব্যৱহাৰ কৰি ৰাজ্যখনত অশান্তিৰ সৃষ্টি কৰিবলৈ তৎপৰ হৈছে৷ তেও আলফা, এন ডি এফ বি, এন এছ চি এনৰ নাম লৈ কয় যে সন্ত্ৰাসবাদী সংগঠনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন সংগঠনৰ পৰাও সহায় লাভ কৰা বাবে উত্তৰ পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ পৰাও সচেতন হৈ থাকিব লাগিব।

তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগ আৰক্ষীৰ পৰাও উত্তৰ পূৰ্বাঞ্চলৰ আৰক্ষীৰ লগত মিলি তথ্যৰ আদান প্ৰদানৰ জৰিয়তে অপৰাধ নিয়ন্ত্ৰন কৰিব পৰা যাব বুলি মন্তব্য কৰে৷ অনুষ্ঠানক কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু উপস্থিত থাকে আৰু ৰাজ্য সমূহৰ আৰক্ষীৰ শীৰ্ষ বিষয়া সকলৰ মাজত সমন্বয় স্থাপনৰ ওপৰত জোৰ দিয়ে৷ অপৰাধীৰ সীমা বৃদ্ধি পোৱা বাবে ৰাজ্যিক আৰক্ষীৰ আন ৰাজ্যৰ আৰক্ষীৰ লগত গোপন আৰু গুৰুত্বপূৰ্ণ তথ্যৰ আদান প্ৰদানত গুৰুত্ব আৰোপ কৰে৷

পৰবৰ্তী সময়ত ডিজিপি আৰু আই জি পি সকল ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ সেই আলোচনাত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় আলচ কৰা হয় যদিও সবিশেষ জনোৱাৰ পৰা বিষয়া সকল বিৰত থাকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in