ইটালীত দলং খহি ৩০ জনৰ মৃত্যু

ইটালীত দলং খহি ৩০ জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ দলং খহি ইটালীৰ বন্দৰ চহৰ জিনোৱাত মঙলবাৰে অতিকমেও ৩০জনকৈ লোক মৃত্যুখত পৰে। ইটালীৰ উপ-প্ৰধানমন্ত্ৰী মেটিঅ' ছালভিনিয়ে সংবাদ মাধ্যমক জনোৱা মতে, স্থানীয় সময় অনুযায়ী পুৱা ৯.৩০ বজাত দেশখনত সংঘটিত হয় এই অঘটন।

গাড়ী-মটৰ আহ-যাহ কৰি থকা অৱস্থাতে প্ৰায় ৫০ মিটাৰ উচ্চতাত থকা দলংখন নৈত খহি পৰে। বিগত কেবাদিনো ধৰি হৈ থকা বৰষুণৰ বাবে নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবেই দলংখন এনেদৰে খহি পৰাৰ সন্দেহ কৰিছে স্থানীয় প্ৰশাসনে।

এগৰাকী বিষয়াই সদৰী কৰা মতে ৮০ মিটাৰ এই দলংখন নিৰ্মাণ কৰা হৈছিল ১৯৬চনত। দলংখন সম্পূ্ৰ্ণৰূপে কাৰ্যক্ষম হৈ আছিল বুলিও বিষয়াগৰাকীয়ে জনাইছে।

দলংখন খহি পৰাৰ ফলত বহুকেইখন গাড়ী নৈৰ সোঁতত উটি যোৱালৈ চাই নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে জিনোৱা চহৰৰ প্ৰশাসনে।

ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। সমান্তৰালভাৱে দলংখনৰ মেৰামতিৰ কাৰ্য ততাতৈয়াকৈ আৰম্ভ কৰা হ'ব বুলিও প্ৰশাসনে জানিবলৈ দিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in