পিঞ্জৰাবদ্ধ পক্ষীক মুকলি আকাশ দিয়াৰ সংকল্প ‘পংখ’ৰ…

পিঞ্জৰাবদ্ধ পক্ষীক মুকলি আকাশ দিয়াৰ সংকল্প ‘পংখ’ৰ…

ডিজিটেল ডেস্কঃ ভূপালত এজন লোকে বহু বছৰ ধৰি এক অভিযানত আত্মনিয়োগ কৰিছে। তেওঁৰ অভিযানৰ উদ্দেশ্য হৈছে পিঞ্জৰাত আবদ্ধ হৈ থকা পক্ষী বোৰক মুকলি আকাশলৈ মুকলি কৰি দিয়া। তেওঁ ইয়াৰ বাবে মানুহৰ ঘৰলৈ য়ায় আৰু মানুহক  এই বিষয়ে বুজায় আৰু তেওঁ অভিযানৰ অংশ কৰি লয়।

এই অভিযানৰ জৰিয়তে তেওঁ বৰ্তমানলৈকে প্ৰায় ২০ হাজাৰৰো অধিক পক্ষীক পিঞ্জৰাৰ পৰা মুক্ত কৰিছে।এই অভিযানৰ সতে সংযুক্ত ধৰ্মেন্দ্ৰ শ্বাহক অশোক সিংহা নামৰ এজন লোকে তেওঁৰ ঘৰৰ পক্ষী মুকলি কৰি দিয়াৰ পাছত কয় যে, এই কাম কৰি তেওঁ যথেষ্ট সুখী। পিঞ্জৰাত থকাৰ সময়ত এই পক্ষীবোৰ যথেষ্ট কষ্টত থাকে আৰু পাখি মেলাৰ সুযোগ বিচাৰি থাকে বুলিও তেওঁ জনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in