শেহতীয়া খবৰ
১৭ দিনৰ অন্তত 'Tanhaji'ৰ উপাৰ্জন...  •  আনন্দৰ বন্যা বি টি আৰতঃ বড়ো শান্তি চুক্তিত অগ্ৰণী ভূমিকা লোৱা হাগ্ৰামা মহিলাৰীক প্ৰশংসা কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ...VIDEO  •  অভয়াপুৰীত তীব্ৰবেগী চাৰিচকীয়া বাহনৰ সন্ত্ৰাস, মহতিয়াই নিলে দুখনকৈ দুচকীয়া বাহন...  •  নামতিত 'কা' বিৰোধী প্রথমখন প্রতিবাদী গাঁওসভাত চৰকাৰক তীক্ষ্ণ সমালোচনা আছুৰ...  •  বড়ো চুক্তিক লৈ ওদালগুৰিৰ ভিন্ন প্ৰান্তত আবতৰীয়া দিপাৱলী, আনফালে চুক্তিৰ বিৰোধিতাৰে আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ...  •  সম্প্ৰীতিৰ এনাজৰীঃ শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত শ্ৰমদান শ শ মুছলমানধৰ্মী লোকৰ...VIDEO  •  নলবাৰীৰ জ্ঞানদ্বীপ জাতীয় একাডেমীৰ বাৰ্ষিক উৎসৱৰ সামৰণি...  •  আদনান ছামীক পদ্মশ্ৰী সন্মান প্ৰদান কৰাটো দেশৰ ১৩০ কোটি জনতাৰ অপমান, ‘জয় মোডী’ জপ কৰিলেই আজিকালি নাগৰিকত্ব পাব পাৰে কোনো পাকিস্তানীয়েঃ এনচিপি  •  প্ৰেমৰ অপূৰ্ব নিদৰ্শন তাজমহলৰ সৌন্দৰ্য্য পান কৰি অভিভূত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি…  •  কাশ্মীৰৰ বিজবেহাৰাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী...

চন্দ্ৰযান-২ৰ পাচতে ইছৰোৰ আন এক বৃহৎ অভিযান…সবিশেষ

2,144

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-২ৰ পাচতে ইছৰোৰ আন এক বৃহৎ অভিযান। অহা ২৭ নৱেম্বৰত ইছৰোয়ে মহাকাশলৈ প্ৰেৰণ কৰিব ১৪ টাকৈ উপগ্ৰহ। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা ২৭ নৱেম্বৰৰ পুৱা ৯.২৮ মিনিটত মহাকাশলৈ এই ১৪ টা উপগ্ৰহ প্ৰেৰণ কৰা হব। মাত্ৰ ২৭ মিনিটতে পি এছ এল ভি-এক্সল ৰকেটেৰে পঠিওৱা ৰকেট কেইটা কক্ষপথত স্থাপন কৰিব ইছৰোৱে।

এই ১৪ টা উপগ্ৰহৰ ভিতৰত কাতৰেছেট-৩ নামৰ ১,৬২৫ ওজনৰ এটা উপগ্ৰহৰ লগতে আমেৰিকাৰ ১৩ টা উপগ্ৰহ চামিল আছে। মহাকাশত ৫ বছৰ সক্ৰিয় হৈ থাকিব লগা কাৰেন্টছেট-৩ নামৰ উপগ্ৰহটো ১৭ মিনিটতে কক্ষপথত স্থাপন কৰা হ’ব। কাতৰেছেট-৩ হৈছে অতি উন্নত মানৰ এটা উপগ্ৰহ, যিয়ে হাই ৰিজ’লশ্বেজনৰ ক্ষমতা আছে।

ভাৰতীয় উপগ্ৰহ কাতৰেছেট-৩ কক্ষপথত স্থাপন কৰাৰ পাছত আমেৰিকাৰ ১৩ টা উপগ্ৰহ কক্ষপথত স্থাপন কৰা হ’ব। ইছৰোয়ে সংবাদমাধ্যমক জনোৱাৰ মতে, আমেৰিকাৰ ১৩ উপগ্ৰহৰ ভিতৰত ১২ টাৰ নাম দিয়া হৈছে ফ্লৰ্ক-৪পি আৰু বাকী এটা উপগ্ৰহৰ নাম হৈছে মেছবেড।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি