চন্দ্ৰযান-২ অভিযানৰ বাবে সাজু ইছৰ’, সোমবাৰে চন্দ্ৰ অভিমুখে নিক্ষেপ কৰা হ’ব মহাকাশযান…

চন্দ্ৰযান-২ অভিযানৰ বাবে সাজু ইছৰ’, সোমবাৰে চন্দ্ৰ অভিমুখে নিক্ষেপ কৰা হ’ব মহাকাশযান…

ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযান চন্দ্ৰযান-২ৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণাকাৰী সংগঠন ইছৰ'। সোমবাৰ অৰ্থাৎ ১৫ জুলাইত এই চন্দ্ৰযান-২ৰ নিক্ষেপৰ বাবে সাজু হৈছে ইছৰ'। ইছৰ'ৰ অধ্যক্ষ কে শিৱনে শনিবাৰে জনায় এই কথা। ইছৰ'ৰ এই অভিযানটো চন্দ্ৰযান-১ৰ পাছৰতো অভিযান।

ইছৰ'ই জনোৱা মতে, এই অভিযানৰ মুল উদ্দেশ্য হ'ল চন্দ্ৰৰ সৃষ্টি আৰু বিকাশৰ সন্দৰ্ভত অধিক অধ্যয়ন কৰা। ইফালে, তিৰুমালাৰ ভেংকেটেশ্বৰ মন্দিৰত পূজা-অৰ্চনা আগবঢ়োৱাৰ পাছত কয় যে- শ্ৰীহৰিকোটাৰ পৰা ১৫ জুলাইত প্ৰায় ২.৫১ বজাত চন্দ্ৰযান-২ মহাকাশলৈ নিক্ষেপ কৰা হ'ব।

ইছৰ'ই পূৰ্বেএই সন্দৰ্ভত জনাইছিল যে, চন্দ্ৰ অভিযানৰ তিনি মডিউল ক্ৰমে- অৰ্বিটৰ, লেণ্ডৰ(বিক্ৰম) আৰু ৰোবৰ (প্ৰজ্ঞান) নিক্ষেপৰ বাবে সাজু কৰা হৈছে। আৰু ইয়াৰে লেণ্ডৰেচলিত বৰ্ষৰ চেপ্টেম্বৰলৈ চন্দ্ৰৰ ভূপৃষ্ঠ স্পৰ্শ কৰাৰ সম্ভাৱনা আছে।

ইফালে, ইছৰ'ৰঅধ্যক্ষ শিৱনে লগতে কয় যে, লেণ্ডৰে চন্দ্ৰৰ দক্ষিণ ধ্ৰুবত ৬ ছেপ্টেম্বৰত অৱতৰণকৰিব। চন্দ্ৰৰ এই ক্ষেত্ৰত বৰ্তমানলৈ কোনো অভিযান চলোৱা হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in