সফল যাত্ৰা অব্যাহতঃ চন্দ্ৰৰ কক্ষপথত চন্দ্ৰযান-২

সফল যাত্ৰা অব্যাহতঃ চন্দ্ৰৰ কক্ষপথত চন্দ্ৰযান-২

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-২ৰ সফল যাত্ৰা অব্যাহত আছে। মঙলবাৰে পুৱাই চন্দ্ৰযান-২ য়ে প্ৰৱেশ কৰে চন্দ্ৰৰ কক্ষপথত। ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাই সোমবাৰেই জনাইছিল যে, চন্দ্ৰযানৰ থকা ২ টা মটৰ সক্ৰিয় কৰিবৰ বাবে যানখনক চন্দ্ৰৰ কক্ষপথলৈ লৈ যোৱা হব। সংস্থাই দিয়া নিৰ্ধাৰিত সময় অথাৎ মঙলবাৰে পুৱা ৮.৩০-৯.৩০ ৰ ভিতৰতে চন্দ্ৰযানক চন্দ্ৰৰ কক্ষপথত স্থাপন কৰা হয়। সংস্থাই জনোৱা মতে, চন্দ্ৰযানৰ যাত্ৰাকালত এইটো এটা অতি জটিল মিছন আছিল, যিটো সুকলমে সমাপন হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in