ধৰ্মক লৈ উত্তাল ইজৰাইল, দেশজুৰি প্ৰতিবাদৰ ঢৌ

ধৰ্মক লৈ উত্তাল ইজৰাইল, দেশজুৰি প্ৰতিবাদৰ ঢৌ

ডিজিটেল ডেস্কঃ ইজৰাইলক 'ইহুদী ৰাষ্ট্ৰ' হিচাপে ঘোষণা কৰাত দেশখনত আৰম্ভ হৈছে বিশাল প্ৰতিবাদী সমদল আৰু বিক্ষোভ কাৰ্যসূচী। ইহুদী প্ৰধান দেশখনৰ ৰাজধানী তেল আভিভৰ ৰবিন স্কোৱেৰত যোৱা শনিবাৰে আৰব-ইজৰাইলীসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে, যোৱা মাহত দেশখনক 'ইহুদী ৰাষ্ট্ৰ' হিচাপে ঘোষণা কৰি সংসদ 'নেসট'ত এখন আইন গৃহীত হয়। তাৰেই প্ৰতিক্ৰিয়া স্বৰূপে দেশখনত বসবাস কৰা পেলেষ্টাইনীসকলক তদাৰক কৰা 'আৰব নাগৰিক কমিটি'য়ে এই প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনায়।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত দেশখনৰ সংসদৰ একাধিক পেলেষ্টাইনী বংশোদ্ভৱ সাংসদে অংশগ্ৰহণ কৰে। বিক্ষোভ কাৰ্যসূচীত জামাল জাহালকা, মাসুদ ঘানাইম, প্ৰাক্তন সাংসদ বাৰাকেহ আৰু দেশখনৰ 'আৰব কমিউনিটি কাউন্সিল'ৰ নেতা ইভা ইলোজসহ শীৰ্ষস্থানীয় নেতৃবৃন্দ উপস্থিত থাকে।

সাংসদ মাছুদ ঘানাইমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, 'এই আইনখন শীঘ্ৰে স্থগিত ৰাখিব লাগে। কিয়োনো এই আইনখনৰ জৰিয়তে দেশখনৰ অন্যান্য ধৰ্মাৱলম্বী নাগৰিকসকল বৈষম্যৰ চিকাৰ হ'ব। দেশৰ নাগৰিকৰ এই বৈষম্য দূৰ কৰাৰ বাবেই বিতৰ্কিত আইনখন বাতিল কৰিব লাগিব।'

গৃহীত হোৱা নতুন আইনখনে ইজৰাইলক ইহুদী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ লগতে অবিভক্ত জেৰুজালেমক দেশখনৰ ৰাজধানী আৰু হিব্ৰু ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ স্বীকৃতি প্ৰদান কৰাৰ ফলত দেশখনৰ ২০ শতাংশ ধৰ্মীয় সংখ্যালঘু লোকসকল ক্ষোভত ফাটি পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in