নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাই ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কৰিলে টুইট…

নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাই ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কৰিলে টুইট…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ভাৰততো COVID-19ত বৰ্তমানলৈ প্ৰায় ৭হাজাৰ লোক আক্ৰান্ত হৈছে। ইয়াৰ মাজতে খবৰ প্ৰকাশ পাইছে যে- মেলেৰীয়াৰ ঔষধ 'হাইড্ৰোক্সী ক্ল'ৰোকোৱাইন'ৰ কোৰোনা ভাইৰাছৰ ভেকচিন হিচাপে ব্যৱহাৰ কৰাৰ এক ইংগিত লাভ ৰা হৈছে। আৰু কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ ই অতি গুৰুত্বপূৰ্ণ বুলিও মনা হৈছে।

ইফালে, আমেৰিকাকে ধৰি বহু কেইখন দেশে ভাৰতৰ পৰা 'হাইডোক্সী ক্ল'ৰোকোৱাইন' বিচাৰিছে। তাৰপাছতেই এয়া ভাৰতৰ পৰা আমেৰিকাৰ লগতে ইজৰাইনলৈও পঠিওৱা হৈছে। 'হাইডোক্সী ক্ল'ৰোকোৱাইন' পঠিওৱা বুলি খবৰ লাভ কৰাৰ পাছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতন্যাহুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীক এই সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন  কৰে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে- 'হাইডোক্সী ক্ল'ৰোকোৱাইন' ইজৰাইললৈ পঠিওৱাৰ বাবে মোৰ বন্ধু তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আপোনাৰ ধন্যবাদ। ইজৰাইলৰ প্ৰতিগৰাকী নাগৰিকৰ তৰফৰ পৰাও আপোনাক ধন্যবাদ জনালো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in