কোকৰাঝাৰত ইস্কনৰ ট্ৰাইবেল কেয়াৰ উৎসৱ

কোকৰাঝাৰত ইস্কনৰ ট্ৰাইবেল কেয়াৰ উৎসৱ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ ডিএন হিম্মৎসিংকা খেলপথাৰত অহা ২২ আৰু ২৩ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ইস্কনৰ ট্ৰাইবেল কেয়াৰ উৎসৱ অনুষ্ঠিত হব। কোকৰাঝাৰৰ ডিএন হিম্মৎসিংকা বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া ইস্কনৰ ট্ৰাইবেল কেয়াৰ উৎসৱত মুখ্য অতিথি হিচাপে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ে সদৰি কৰিছে।

ইয়াৰোপৰি ইস্কন জিবিচিৰ এইচ এইচ ভক্তি পুৰোষোত্তম স্বামী মহাৰাজ, ইস্কনৰ অসমৰ সম্পাদক শ্ৰী জিভা দাস, ইস্কন ট্ৰাইবেল কেয়াৰৰ মুখ্য সমন্বয়ক গোৱিন্দ দাস আদিকে ধৰি আন ভালেমান অতিথিয়ে অংশগ্ৰহন কৰিব। ইতিমধ্যে আয়োজক সমিতিয়ে ইস্কন ট্ৰাইবেল কেয়াৰ উৎসৱৰ প্ৰস্তুতি যুদ্ধকালিন তৎপৰতাৰে আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in