শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰে জড়িত আইছিছৰ নগদ ৭ বিলিয়নৰ লগতে ১৪০ মিলিয়ন টকাৰ সম্পত্তি জব্দ

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ বিগত কিছুদিন ধৰি শ্ৰীলংকাৰ কলম্বোত ধাৰাবাহিক বিস্ফোৰণত জড়িত ইছলামিক সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে শ্ৰীলংকা চৰকাৰে। সোমবাৰে শ্ৰী লংকা সেনা বাহিনী আৰু আৰক্ষীয়ে আইএছআইএছৰ নগদ ৭ বিলিয়ন টকাৰ লগতে ১৪০ মিলিয়ন টকাৰ সম্পত্তি জব্দ কৰে।

শ্ৰী লংকাৰ আৰক্ষী বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে, 'নগদ ধনৰ বাহিৰেও সংগঠনটোৰ কেইবাটাও বেংক একাউন্টৰো সন্ধান পোৱা গৈছে।'

ধাৰাবাহিক বিস্ফোৰণৰ সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে সংবাদমেলত কয়- ২১ এপ্ৰিলৰ বিস্ফোৰণত ২৫০ জনৰো অধিক লোক নিহত হৈছে। বৰ্তমানৰ লৈকে ৭৩ জন সন্দেহজনক ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছো। সকলোকে চি আই ডি আৰু সন্ত্ৰাসবাদী তদন্ত বিভাগ চমুকৈ টি আই ডিয়ে সোধা পোছা অব্যাহত ৰাখিছে। এই ৭৩ গৰাকীৰ ভিতৰত ৭ গৰাকী মহিলাৰ সৈতে ৫৪ গৰাকী চি আই ডিয়ে আৰু ২ গৰাকী মহিলাৰ সৈতে ১৯ জনক টি আৰ ডিয়ে সোধাপোছা অব্যাহত ৰাখিছে। উল্লেখ্য যে, কলম্বোৰ ৩ টা ধাৰাবাহিক বিস্ফোৰণত নিহত হৈছিল ১১ জনকৈ ভাৰতীয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in