আইএছআইএছৰ বাবে সংগ্ৰহ কৰিছিল ধনঃ ৩ জনক গ্ৰেপ্তাৰ, ২ জনক সোধা পোছা অব্যাহত

আইএছআইএছৰ বাবে সংগ্ৰহ কৰিছিল ধনঃ ৩ জনক গ্ৰেপ্তাৰ, ২ জনক সোধা পোছা অব্যাহত

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী সংগঠনৰ বাবে ধন সংগ্ৰহ কৰাৰ অপৰাধত বৃহস্পতিবাৰে মধ্য প্ৰদেশৰ চটনা জিলাৰ পৰা এটিএছে ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে এটিএচে বৰ্তমানো সন্ত্ৰাসবাদীৰ বাবে ধন সংগ্ৰহৰ অভিযোগত দুজন লোকক সোধা পোছা অব্যাহত ৰাখিছে। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে ক্ৰমে সুনীল সিং, বলৰাম সিং আৰু শুভম মিশ্ৰা। আনহাতে ভাৰৱেন্দ্ৰ সিং আৰু প্ৰদীপ কুশবাহা নামৰ লোক দুজনক সোধা পোছা অব্যাহত ৰখা হৈছে।

জানিব পৰা মতে, বিগত প্ৰায় ডেৰ মাহ ধৰি এই লোক কেইজনে সন্ত্ৰাসবাদী সংগঠন আইএছআইএছৰ নিৰ্দেশত মধ্যপ্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ত্ৰাসবাদী গোটৰ বাবে ধন সংগ্ৰহ কৰি আহিছিল। এই সন্দৰ্ভত গোপন সূত্ৰে এটিএছে জানিব পৰাৰ পিছতে চটনা জিলাৰ পৰা ৫ জনক আটক কৰি সোধাপোছা চলায়। সোধা পোছাৰ অন্তত এটিএছে ৩ জনক গ্ৰেপ্তাৰ কৰি চটনাৰ পৰা ভূপাললৈ লৈ আহে।

উল্লেখ্য যে, এটিএছে বৰ্তমানে গ্ৰেপ্তাৰ কৰা বলৰাম সিং নামৰ অপৰাধীজন পূৰ্বে ২০১৭ চনতো সন্ত্ৰাসবাদীৰ বাবে ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে। সেই সময়ত বলৰাম সিঙৰ পৰা আৰক্ষীয়ে এটা লেপটপ, স্মাৰ্ট ফোন আৰু ১৭ টা পাকিস্তানী ফোন নম্বৰ জব্দ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in