অশ্ৰুসিক্ত নয়নেৰে নৱগ্ৰহত শেষকৃত্য সম্পন্ন ঈশান-ইবনৰ…

অশ্ৰুসিক্ত নয়নেৰে নৱগ্ৰহত শেষকৃত্য সম্পন্ন ঈশান-ইবনৰ…

ডিজিটেল ডেস্কঃ অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া হ'ল ঈশান-ইবনক। নৱগ্ৰহত শোকাকুল পৰিস্থিতিৰ মাজতে দুই কণমানিৰ শেষকৃত্য সম্পন্ন কৰা হ'ল। চকুত চকুলো লৈ নিজৰ সন্তানৰ চিতাত অগ্নিসংযোগ কৰিলে পিতৃ তুষাৰ গোস্বামীয়ে।

বেলতলাবাসীৰ লগতে অগণন ৰাইজে কণমাণি দুটিৰ আত্মাৰ শান্তুিৰ কামনাৰে কৰিলে প্ৰাৰ্থনা। ঈশান-ইবন শেষকৃত্যত উপস্থিত থাকিল বিধায়ক ভাস্কৰ শৰ্মাও।

ইফালে বৃহস্পতিবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। প্ৰাথমিক তদন্তত চিলিণ্ডাৰৰ পৰাই জুই সূত্ৰপাত হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in