অসমত কোৰোনা ভাইৰাছ! এসপ্তাহত ৭ শিশুৰ মৃত্যু…

অসমত কোৰোনা ভাইৰাছ! এসপ্তাহত ৭ শিশুৰ মৃত্যু…

ডিজিটেল সংবাদ, শিলচৰঃ কৰিমগঞ্জ জিলাৰ বজাৰঘাট এলেকাত অচিন ৰোগত এসপ্তাহৰ ভিতৰত সাতটাকৈ শিশুৰ মৃত্যুৱে ব্যাপক আতংকৰ সৃষ্টি কৰিছে বৰাক উপত্যকাত। এসপ্তাহত সাতটিকৈ শিশু মৃত্যুমুখত পৰাৰ লগতে আক্ৰান্ত হৈছে আন কেবাটাও শিশু। প্ৰথমতে ডিঙিত বিষ, জ্বৰ আৰু তাৰ পাছত মুখৰ পৰা তেজ ওলাই মৃত্যুমুখত পৰিছে শিশুকেইটা৷

এই অচিন ৰোগৰ খবৰ জিলাৰ চৌদিশে বিয়পি পৰাত আতংকৰ সৃষ্টি হৈছে। ৰোগৰ খবৰ লাভ কৰি উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কৰিমগঞ্জ স্বাস্থ্য বিভাগৰ যুগ্ম সঞ্চালকক অৱগত কৰে। তাৰ পিছতে সঞ্চালকগৰাকীয়ে উক্ত স্থানলৈ আয়ুৰ্বেদিক চিকিৎসকৰ এটা দল পঠিয়ায়। সেই দলটোৱে আহি আক্ৰান্ত শিশু সকলক ঔষধ বিতৰণ কৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে৷ লগতে চিকিৎসকৰ দলটোৰ মন্তব্যইও বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কৰিমগঞ্জ জিলাত৷

কৰিমগঞ্জৰ পৰা যোৱা চিকিৎসকৰ দলটোৱে শিশুকেইটা কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি ৰোগীৰ অভিভাৱকসকলক অৱগত কৰে৷ একেটা পৰিয়ালৰ তিনিটাকৈ শিশুৰ মৃত্যু হোৱা দুৰ্ভগীয়া পৰিয়ালটোক চিকিৎসকৰ দলটোৱে এই ভয়ংকৰ তথ্য সদৰী কৰাত সমগ্ৰ বজাৰঘাট অঞ্চলত হুৱাদুৱা লাগে৷

প্ৰশ্ন উত্থাপিত হৈছে শিশুকেইটাৰ শাৰীৰিক পৰীক্ষা নকৰাকৈ কেনেকৈ চিকিৎসকৰ দলটোৱে এইয়া কোৰোনা ভাইৰাছ বুলি কলে? এনে দায়িত্বজ্ঞানহীন মন্তব্যত চিন্তিত হৈছে উঃ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্হ৷ তেওঁ লগে লগে বিষয়টো জিলা স্বাস্হ্য বিভাগৰ যুটীয়া সঞ্চালক অনুপ দৈত্যাৰিক অৱগত কৰে৷ কৰিমগঞ্জ স্বাস্থ্য বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ কথা ফোনযোগে অৱগত কৰে স্বাস্থ্য বিভাগৰ উৰ্ধতম কতৃপক্ষকো৷ বিধায়কগৰাকীয়ে কৰিমগঞ্জ জিলা স্বাস্থ্য বিভাগৰ এনে দায়িত্বহীন মন্তব্যৰ বাবে 'নবেল পুৰস্কাৰ' দিব লাগে বুলি কৈ ক্ষোভ ব্যক্ত কৰে।

আনফালে আক্ৰান্ত আন শিশু সকলক বুধবাৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত কৰিমগঞ্জত চিকিৎসা সম্ভৱ নহয় বুলি জনাই শিলচৰৰ চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। কি ৰোগত আক্ৰান্ত হৈ শিশুকেইটাৰ মৃত্যু হৈছে সেই সম্পৰ্কে নজনাকৈ এনেদৰে চিকিৎসকে কৰা মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কৰিমগঞ্জ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অনুপ দৈত্যাৰিয়ে কয়, শিশুৰ মৃত্যুৰ কাৰণ টনচিল আৰু ফেৰেঞ্জাইটিছ। চিকিৎসকে কোৰোনা ভাইৰাছ বুলি উল্লেখ কৰাৰ প্ৰসংগত সন্দেহ ব্যক্ত কৰে চিকিৎসকগৰাকীয়ে। চিকিৎসকৰ দল পঠিয়াই পুনৰ পৰীক্ষা কৰা হ'ব বুলি সদৰী কৰে বিষয়া গৰাকীয়ে। পৰীক্ষাৰ পিছতহে এই অচিন ৰোগবিধ কি সেয়া নিশ্চিত হ'ব পৰা যাব বুলি মন্তব্য কৰে স্বাস্হ্য বিষয়া গৰাকীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in