শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মাতৃৰ বিয়োগ, লকডাউনৰ বাবে আবদ্ধ ইৰফানে অন্তিম সময়ত দেখা নাপালে মাতৃক…

1,003

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মাতৃৰ বিয়োগ। ‘The Life Of Pi’-ৰ অভিনেতাগৰাকীৰ মাতৃৰ জয়পুৰত মৃত্যু হৈছে। শনিবাৰে বাধক্যজনীত কাৰণত ৯৫ বছৰ বয়সত মৃত্যু হৈছে তেওঁৰ মাতৃৰ। ইফালে বৰ্তমান সময়ত কোৰোনাৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত মুম্বাইত অভিনেতাগৰাকী আবদ্ধ হৈ আছে বুলি এক সূত্ৰই সদৰি কৰিছে।

ইতিমধ্যে ইৰফান খানৰ মাতৃ সায়েদা বেগমক অন্ত্যেষ্টিক্ৰিয়া জয়পুৰত সম্পন্ন হৈছে। লকডাউনৰ বাবে কেৱল কেইগৰাকীমান পৰিয়ালৰ লোকহে উপস্থিত থাকিবলৈ সক্ষম হয় অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত। ইফালে ইৰফান খানৰ ভাতৃ চলমান খানে সদৰি কৰা অনুসৰি বিগত কিছু দিন ধৰি তেওঁলোকৰ মাতৃ অসুস্থ হৈ আছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি