শেহতীয়া খবৰ
কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া  •  পুনৰ লাডেনৰ সন্ত্ৰাস, হত্যা কৰিলে এজন লোকক  •  'হিমন্ত জ’কাৰ, ৰাইজে জ’কাৰৰ নৃত্য চাই ভোট নিদিয়ে’  •  শ্ৰীলংকাত হোটেল, গীৰ্জাত ৬টাকৈ ধাৰাবাহিক বিস্ফোৰণঃ ৫২ জনৰ মৃত্যু, ৩০০ৰো অধিক আহত

ভাৰতলৈ উভতিল অভিনেতা ইৰফান খান, ছ’চিয়েল মিডিয়াত কৰিলে আৱেগিক পোষ্ট…

1,454

ডিজিটেল ডেস্কঃ বলিউদ তথা হলিউদতো প্ৰশংসনীয় অভিনয়ৰে দৰ্শকৰ হৃদয় জিনা অভিনেতা ইৰফান খানে কৰ্কট ৰোগৰ চিকিৎসা কৰাৰ পাছত ভাৰতলৈ উভতি আহে। ইৰফান কানে ভাৰতলৈ উভতি অহাৰ পাছতেই অনুগামীসকলে অপেক্ষা কৰিছে তেওঁৰ নতুন ছবিৰ বাবে। ইফালে, অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত এক আৱেগিক পোষ্ট কৰে। তেওঁ লিখিছে যে শীঘ্ৰেই তেওঁক ৰূপালী পৰ্দাত দেখা পাব। লগতে তেওঁ অনুগামীসকলক ধন্যবাদো জ্ঞাপন কৰে।

অভিনেতা ইৰফানে খানে পোষ্টটোত লিখিছিল- ‘আমি জয়ী হোৱাৰ চেষ্টা কৰোতে কৰোতে পাহৰি যাওঁ যে ভালপোৱাৰ অৰ্থ প্ৰকৃততে কি। আমি ক্ষতিগ্ৰস্ত হোৱাৰ পাছতহে সেয়া মনত পৰে। মই আপোনালোকৰ ভালপোৱা আৰু সমৰ্থনৰ বাবে চিৰকৃতজ্ঞ। আপোনালোকৰ প্ৰাৰ্থনাই মোক সুস্থ হৈ উঠাত বহু সহায় কৰিছে। আৰু এতিয়া পুনৰ মই আপোনালোকৰ মাজলৈ আহিছো।’

ছ’চিয়েল মিডিয়াত এই পোষ্টটো আপলোড কৰাৰপাছতেই ইৰফান খানৰ অনুগামীসকলে কমেন্ট কৰে। অনুগামীসকলে অভিনেতাগৰাকীৰ এই পোষ্টটোৰ পাছত শুভকামনা জনায়।  জানিব পৰা মতে, ইৰফান খানক শীঘ্ৰে ৰূপালী পৰ্দাত পুনৰ দেখিবলৈ পোৱা যাব। হিন্দী ছবি ‘হিন্দী মিডিয়াম’ৰ দ্বিতীয় সংস্কৰণত খানক দেখা পোৱাৰ আশা বৃদ্ধি পাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি