টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য…

টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য…

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ-পূৱ কয়লাক্ষেত্ৰৰ অন্তৰ্গত টিপং কলিয়ৰীত দুস্কৃতিকাৰীয়ে লো পিতলৰ সামগ্ৰীৰ ওপৰত লুটপাত চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । কলিয়ৰীটো বন্ধ হৈ থকাৰ সুযোগ লৈ এই লুটপাত চলোৱাৰ অভিযোগ । কলিয়ৰীটোত কৰ্মৰত বিষয়া কৰ্মচাৰী নিৰাপত্তাহীনতাত ভোগাৰো অভিযোগ উত্থাপন হৈছে।

উৎপাদন ব্যাহত হৈ পৰিত্যক্ত হৈ থকা উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত টিপং কলিয়ৰীত এই লুটপাত চলোৱা হৈছে। কলিয়ৰীটোৰ পৰা ইতিমধ্যে বৃহৎ পৰিমাণৰ লোহা চুৰি হৈছে। নিশাৰ ভাগৰ কথা বাদেই বিগত প্ৰায় সপ্তাহজুৰি চলি আছে এই লোহাৰ চুৰি কাণ্ড।

চুৰি হোৱা লোহা খিনিৰ মূল্য প্ৰায় ১ কোটি হ'ব বুলি এক সূত্ৰই সদৰি কৰিছে। আনহাতে কোম্পানীৰ নিয়ম অনুসৰি এম এচ টি চিৰ অধীনত কলকতাত টেণ্ডাৰ হ'ব লাগে যদিও কাৰ আশীৰ্বাদপুষ্ঠ হৈ দিনতে চোৰাং লোহা বেপাৰীয়ে অংগুষ্ঠ প্ৰদৰ্শন কৰি লোহাখিনি নিবলৈ সাহস পালে তাকে লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত বিভিন্ন পক্ষক মেনেজ কৰি এই লুটপাত চলোৱা বুলি অঞ্চলটোত চৰ্চা হৈছে।

আজি টিপং কলিয়ৰীত শ্ৰমিকনেতা ভাৰতভূষণ বৰঠাকুৰৰ নেতৃত্বত এটি দল উপস্থিত হৈ ঘটনাৰ বুজ লয় । শ্ৰমিকনেতা জনে কলিয়ৰীটোত কৰ্মৰত বিষয়া কৰ্মচাৰী নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ উত্থাপন কৰিছে। অন্যহাতে আজি একাংশ সাংবাদিক টিপং কলিয়ৰীত বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে " সাংবাদিকে পইচা নাপালে বাবে লোহা চুৰি নিউজ টো লিখিলে" এইদৰে এক বিতৰ্কিত মন্তব্য কৰে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়োয়ে।

মহকুমা আৰক্ষী বিষয়াৰ এনে বক্তব্যত ক্ষোভ প্ৰকাশ কৰিছে সাংবাদিক মহলে। এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি শনিবাৰে নিশা প্ৰায় ৭১ খন ডি আই মেক্স গাড়ীৰে কলিয়ৰীটোৰ পৰা লোহা চোৰে মূল্যবান লোহা চুৰি কৰে আৰু এনে চুৰি গাড়ীৰ পৰা ১৫ হাজাৰ টকাকৈ একাংশ আৰক্ষীয়ে সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ইতিহাস প্ৰসিদ্ধ টিপং ভূগৰ্ভ কয়লাখনিটো বিগত প্ৰায় তিনি বছৰ ধৰি বন্ধ হৈ থকাৰ বাবে উক্ত কয়লা খনিত থকা লোহাৰৰ ওপৰত চলিছে চোৰৰ ব্যাপক লুটপাট। বিগত কেই দিন মানৰ পৰা টিপং কয়লাখনিত উত্তৰ-পূৱ কয়লাক্ষেত্ৰৰ কোনো কৰ্মচাৰী নথকাৰ অজুহাতত চোৰে বিভিন্ন পক্ষক মেনেজ কৰি চুৰি কাৰ্য ব্যাপক ৰূপত অব্যাহত ৰাখিছে।

ক'ল কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই যথেষ্ঠ সংখ্যক অসম ঔদ্যোগীক নিৰাপত্তা বাহিণীৰ থকাৰ পিছতো প্ৰতিষ্ঠানটো চোৰৰ সোণৰ কণি পৰা হাঁ‌হলৈ যে পৰ্যবসিত হৈছে সেইটো এতিয়া বুজিবলৈ কাৰো বাকী নাই। শেহতীয়াকৈ চোৰৰ অতপালিত টিপং ভূগৰ্ভ কয়লাখনিটো বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰিছে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাই।

যাৰফলত কলিয়ৰীত থকা প্ৰতিষ্ঠানটোৰ বহুমূল্যবান সামগ্ৰীৰ লগতে লোহা সমূহ মাৰ্ঘেৰিটালৈ সৰবৰাহ কৰিছে। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে, যি সকল কৰ্মচাৰীয়ে লোহা সমূহ নিজা স্বাক্ষৰে মাৰ্ঘেৰিটালৈ আনিছে সেই সকলেই চোৰৰ সৈতে লগ হৈ চুৰি কাৰ্যত জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।

বিশেষকৈ জনৈক ঘোসাল, টায়ে, ৰাই, বৰুৱা আদি লোককেইজন এই কাৰ্যত জড়িত হৈ থকা বুলি চৰ্চা চলিছে। এই ক্ষেত্ৰত ক'ল ইণ্ডিয়াৰ উৰ্ধতন কৰ্তৃপক্ষ জড়িত হোৱাটোও নুই কৰিব নোৱাৰি। কোম্পানীৰ নিয়ম অনুসৰি এম এচ টি চিৰ অধীনত কলকতাত নিবিদা হ'ব লাগে তাৰ পিছতে স্ক্ৰেপ নিয়াৰ নিয়ম কিন্তু। কাৰ আশীৰ্বাদপুষ্ঠ হৈ দিন দুপৰতে চোৰাং লোহা বেপাৰীয়ে অংগুষ্ঠ প্ৰদৰ্শন কৰি লোহাবাৰো নিবলৈ সাহস পালে তাকে লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

অতি হাস্যকৰ ভাবে প্ৰতিষ্ঠানটোত এনে চুৰি কাৰ্য সংঘটিত হোৱাৰ পিছতে থানাত এজাহাৰ দিয়াৰ পৰিবৰ্তে জাননী দিয়েই দায় সামৰে বুলি একাংশই ক'ব বিচাৰে। শনিবাৰে পুনৰ শতাধিক চোৰে গেছ লৈ লোহা কাটি গাড়ীয়ে গাড়ীয়ে জাগুন, টিৰাপগেট, লিডু আদিত থকা লোহাৰ ডেম্পলৈ দিনে নিশাই সৰবৰাহ কৰে। ইয়াৰ পিছতো আৰক্ষীৰ কিয় চকু নপৰিল এনে লোহা চুৰিৰ গাড়ীৰ ওপৰত তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

চোৰৰ সৈতে গোপন বুজাবুজি আছে নেকি আৰক্ষী লোকৰ বুলিও প্ৰশ্ন কৰিছে সাধাৰণ ৰাইজে। এনে কথা বৰ্তমানে লেখাপানী, টিপং, লিডু মাৰ্ঘেৰিটা, জাগুনত সচেতন মহলত চৰ্চা হৈছে । এই সন্দৰ্ভত আৰক্ষী বিষয়াৰ পৰা জানিব বিচৰাত ক'ল ইণ্ডিয়াই জাননীহে দিয়ে এজাহাৰ নিদিয়ে বুলিহে টুলুঙা মন্তব্য আগবঢ়ায়।

ইপিনে আজি মাৰ্ঘেৰিটা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়ো, লেখাপানী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপজ্যোতি বৈশ্য ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উল্লেখ্য যে, টিপং কলিয়ৰীত থকা দুটাকৈ ষ্টিম ইঞ্জিন পৃথিৱী বিখ্যাত। ইয়াৰে ডেভিড নামৰ ষ্টিম ইঞ্জিনটো চাবলৈ বিভিন্ন সময়ত বহু বিদেশী পৰ্য্যটক টিপং কলিয়াৰিলৈ আহে।

এতিয়া এই ইঞ্জিনটোত চোৰৰ হাতোৰা পৰাৰ সম্ভৱনা আছে। এইক্ষেত্ৰত ক'ল ইণ্ডিয়া, আৰক্ষী প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব। অন্যহাতে বৃটিছৰ দিনৰে টিপং কলিয়ৰীৰ চোৰৰ লুট পাতে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰাষ্ট্ৰীয় সম্পদ ক'ল ইণ্ডিয়াৰ মূল্যবান লোহা সামগ্ৰী চুৰি কৰা চোৰক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন হৈছে। আজি উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি টিপং কলিয়ৰীক কয়লা পৰ্য্যটনক্ষেত্ৰ হিচাপে নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ সৈতে ক'ল ইণ্ডিয়াই প্ৰস্তাৱ আগবঢ়োৱা হৈছে। কিন্তু এনে প্ৰস্তুতি চলি থকাৰ মাজতেই বৃহৎ মূল্যবান লোহা চুৰি ঘটনা দুৰ্ভাগ্যজনক বুলি আখ্য দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in