হয়! আমাৰ ভুল, মিছাইলে খুন্দা মৰাই বাবেই বিমানৰ ১৮০ জন যাত্ৰী নিহত হৈছিলঃ অৱশেষত স্বীকাৰ কৰিলে ইৰানে…

হয়! আমাৰ ভুল, মিছাইলে খুন্দা মৰাই বাবেই বিমানৰ ১৮০ জন যাত্ৰী নিহত হৈছিলঃ অৱশেষত স্বীকাৰ কৰিলে ইৰানে…

ডিজিটেল ডেস্কঃ ইৰানৰ ভুলৰ বাবেই যোৱা ৮ জানুৱাৰীত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ১৮০ জনকৈ যাত্ৰীয়ে। ইৰানৰ তেহৰানত দুৰ্ঘটনাত পতিত হোৱা ইউক্ৰেইনৰ বইং–737 বিমানখন দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ শেহতীয়াকৈ ৰাজহুৱা কৰিছে খোদ ইৰানে। ৮ জানুৱাৰীত পুৱতি নিশা আমেৰিকান সেনাৰ ওপৰত প্ৰায় এক ডজন মিছাইলেৰে ইৰানে চলোৱা আক্ৰমণৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল ইউক্ৰেইনৰ বইং–737 বিমানখন। বহুতে সন্দেহ প্ৰকাশ কৰিছিল যে, দুৰ্ঘটনাৰ কিছু সময়ৰ পূৰ্বে ৪.৯ প্ৰাৱল্যৰ ভূমিকম্পৰ ফলতে দুৰ্ঘটনাত পতিত হৈছিল বিমানখন। কিন্তু দুৰ্ঘটনাৰ প্ৰকৃত কাৰন সেইয়া নাছিল।

দুৰ্ঘটনাৰ প্ৰকৃত কাৰন শনিবাৰে ৰাজহুৱা কৰিলে ইৰানে। ইৰানী সেনাৰ এজন কামাণ্ডাৰে এই ঘটনাৰ বাবে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনাও জনাইছে। দৰাচলতে ৮ জানুৱাৰীত ইৰানে আমেৰিকান সেনালৈ লক্ষ্য কৰি নিক্ষেপ কৰা মিছাইল গৈ খুন্দা খাইছিলগৈ সেই সময়ত আকাশত থকা ইউক্ৰেইনৰ বইং–737 বিমানখনত। ইয়াৰ পাছতে নিমিষতে ধ্বংসস্তুপত পৰিণত হৈছিল যাত্ৰীবাহী বিমানখন। ১৮০ গৰাকীকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া এই ঘটনাত ইৰানী সেনা কামাণ্ডাৰ গৰাকীয়ে দুখ প্ৰকাশ কৰি কয়, এয়া আমাৰ লক্ষ্য নাছিল। আমাৰ ভুল হ'ল। এই ভুলৰ দায়িত্ব স্বীকাৰ কৰিছো। আজি এনে লাগিছে এই দুৰ্ঘটনাত মোৰ প্ৰাণ যোৱা হ'লেই ভাল আছিল।

উল্লেখ্য যে, এই বিমান দুৰ্ঘটনাৰ সন্দৰ্ভত আন্তৰাষ্ট্ৰীয় স্তৰত দাবী উত্থাপন হৈছিল যে, ইয়াৰ তদন্ত হ'ব লাগে। কিন্তু ইৰানে বাৰে বাৰে এই দাবী নসাৎ কৰি আহিছিল। শেহতীয়াকৈ আমেৰিকা, বিট্ৰইন আৰু কানাডাৰ ধাৰাবাহিক হেঁচাত নিজৰ ভুল স্বীকাৰ কৰিবলৈ বাধ্য হয় ইৰানে। এই বিষয়ৰ সন্দৰ্ভত ইৰানৰ ৰাষ্ট্ৰপতি হছন ৰুথানীয়ে কয় যে, মানৱীয় ভুলৰ বাবেই এই শোকাৱহ দুৰ্ঘটনা হবলৈ পালে। এই বিষয়ত তদন্ত হ'ব, দোষীক উপযুক্ত শাস্তি বিহা হব। উল্লেখ্য যে, শেহতীয়াকৈ মিছাইলে বিমানখনক খুন্দা মৰা ১৯ চেকেণ্ডৰ এটা ভিডিঅও ভাইৰেল হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in