আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰ ইংগিতেৰে জামকৰণ মছজিদত উৰিল ৰঙা নিচান! ডোনাল্ড ট্ৰাম্পৰ সকিয়নী ইৰানক

আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰ ইংগিতেৰে জামকৰণ মছজিদত উৰিল ৰঙা নিচান! ডোনাল্ড ট্ৰাম্পৰ সকিয়নী ইৰানক

ডিজিটেল ডেস্কঃ ইৰান-আমেৰিকাৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ পিছত মধ্য প্ৰাচ্যত ক্ৰমাৎ বৃ্দ্ধি পাইছে যুদ্ধৰ আশংকা। শনিবাৰে নিশা ইৰানে বাগদাদস্থিত মাৰ্কিন দূতাবাসত ৰকেট আক্ৰমণ কৰাৰ পিছতে ইৰানক প্ৰত্যক্ষ সকিয়নী প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। দেওবাৰে ট্ৰাম্পে ইৰানক সতৰ্ক কৰি দি কয় যে মাৰ্কিন সেনাই ইতিমধ্যে ইৰানৰ ৫২টা ঘাটী চিহ্নিত কৰি থৈছে। যদি ইৰানে কোনো প্ৰকাৰে আমেৰিকান সম্পত্তি অথবা নাগৰিকৰ ক্ষতি সাধন কৰে তেন্তে দ্ৰুতভাৱে আৰু বিধ্বংসী ৰূপত ইয়াৰ প্ৰত্যুত্তৰ হিচাপে আক্ৰমণ চলাবলৈ আমেৰিকা সাজু বুলিও সতৰ্ক কৰি দিয়ে ট্ৰাম্পে।

উল্লেখ্য যে, বাগদাদত ড্ৰোণ আক্ৰমণ চলাই মাৰ্কিন সেনাই ইৰানী জেনেৰেল কাছিম চোলেমানীৰ হত্যা কৰাৰ পিছত ভাৰতীয় সময়ানুসৰি শনিবাৰে নিশা বাগদাদস্থিত মাৰ্কিন দূতাবাস আৰু বলাদ এয়াৰ বেছত ইৰান সমৰ্থক মিলিছিয়াই ৰকেট আক্ৰমণ চলায়। ইফালে ইৰানৰ ক্যোম চহৰস্থিত ঐতিহাসিক জামকৰণ মছজিদত ইৰানে ৰঙা নিচান উৰুৱাই আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰো ইংগিত প্ৰদান কৰিছে।

কাছিম চোলেমানীক হত্যা কৰি বিশ্বক এক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নেতাৰ পৰা মুক্তি দিছে আমেৰিকাইঃ

ইৰাকৰ ইৰান-ইৰাক সীমান্তৰ সমীপৰ বাগদাদ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত মাৰ্কিন সেনাই ড্ৰোণৰ সহায়ত লক্ষ্য কৰি লৈছিল দুখন বাহন। সেই বাহন দুখনৰ এখনৰ ভিতৰত সেই সময়ত যাত্ৰা কৰি আছিল ইৰানৰ শীৰ্ষ জেনেৰেল তথা আইআৰজিচিৰ প্ৰধান কাছিম চোলেমানী। মাৰ্কিন সেনাৰ আক্ৰমণত নিহত হয় কাছিম চোলেমানী। ইফালে এই ঘটনাৰ পিছত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি ফ্লোৰিডাত অৱসৰৰ মুহূৰ্ত যাপন কৰি থকা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে ইৰানৰ বিৰুদ্ধে কোনো যুদ্ধৰ অৱতাৰণা কৰিবলৈ আমেৰিকাই কাছিম চোলেমানীক হত্যা কৰা নাই। বৰং চোলেমানীক হত্যা কৰি সমগ্ৰ বিশ্বক এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নেতাৰ পৰা মুক্তি দিয়া বুলি দাবী কৰে ডোনাল্ড ট্ৰাম্পে। ট্ৰাম্পৰ দাবী অনুসৰি কাছিম চোলেমানীয়ে আমেৰিকান নাগৰিকসহ বহু কেইজন লোকক হত্যা কৰাৰ আঁৰত জড়িত আছিল।

ইৰানৰ ৫২টা ঘাটী চিনাক্ত কৰি থৈছে আমেৰিকাই, প্ৰয়োজন হ'লে চলাব আক্ৰমণঃ

শনিবাৰে নিশা ইৰান সমৰ্থক মিলিছিয়াই বাগদাদস্থিত মাৰ্কিন দূতাবাসত আক্ৰমণ চলোৱাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। তেওঁ এটা টুইট কৰি ইৰানক সকিয়নী প্ৰদান কৰে। যদি ইৰানে কোনো আমেৰিকান সম্পত্তি বা নাগৰিকৰ ক্ষতিসাধন কৰে, তেন্তে মাৰ্কিন সেনাই চিনাক্ত কৰি থোৱা ৫২টা ঘাটীত অতি দ্ৰুতভাৱে আৰু বিধ্বংসীৰূপত আক্ৰমণ চলাব বুলিও সতৰ্ক কৰি দিয়ে ট্ৰাম্পে।

ট্ৰাম্পে টুইটত লিখিছে, 'মই ইৰানক সতৰ্ক কৰি দিছো যাতে কোনো আমেৰিকান নাগৰিক বা সম্পত্তিৰ ওপৰত আক্ৰমণ নকৰে, অন্যথা আমি ৫২টা ইৰানী ঘাটী চিনাক্ত কৰি থৈছো (ইৰানৰ দ্বাৰা বন্দী কৰি ৰখা ৫২জন আমেৰিকান বন্দীৰ স্মৃতিত)। ইয়াৰে কেইবাটাও ঘাটী অতি বিশেষ আৰু ইৰানৰ সংস্কৃতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইসমূহ ঘাটী আৰু ইৰানকো অতি দ্ৰুত আৰু কঠোৰভাৱে লক্ষ্য কৰি লোৱা হ'ব। আমেৰিকাই এতিয়া কোনো ভাবুকি নিবিচাৰে।' নিজৰ কথাত জোৰ দিবলৈ ট্ৰাম্পে টুইটত ইৰাংজী কেপিটেল লেটাৰৰ ব্যৱহাৰ কৰি লিখিছে, 'Iran WILL BE HIT VERY FAST AND VERY HARD.'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in