‘IPL-2020’ৰ সবাতোকৈ দামী ৪ জন খেলুৱৈ কোন কোন…

‘IPL-2020’ৰ সবাতোকৈ দামী ৪ জন খেলুৱৈ কোন কোন…

ডিজিটেল ডেস্কঃ আহি আছে আই পি এল ২০২০। চলিত বৰ্শৰ অহা ১৯ ডিচেম্বৰত কলকাতা আই পি এলৰ ৮ টা টীমৰ ৭৫ জন খেলুৱৈক লৈ অনুষ্ঠিত হ'ব নিলাম। কিন্তু নিলামৰ পূৰ্বেই চৰ্চালৈ আহিছে ৪ জন খেলুৱৈৰ নাম। এই ৪ জন খেলুৱৈ হৈছে আই পি এল ২০২০ৰ সবোতোকৈ দামী খেলুৱৈ। উল্লেখ্য যে, নিলামৰ পূৰ্বেই এই চাৰিগৰাকী খেলুৱৈক নিজৰ দলৰ বাবে চূড়ান্ত কৰিছে স্বতাধিকাৰীয়ে।

আই পি এল ২০২০ৰ দামী ৪ গৰাকী খেলুৱৈৰ ভিতৰত আছে, ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী, প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মা আৰু ঋষভ পন্ট। উইকেট কিপাৰ ঋষভ পন্টক আই পি এল ২০২০ৰ বাবে দিল্লী কেপিটেলছছে ১৫ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে।

ইফালে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীক ৰাজস্থান ৰয়েলছে ২০২০ৰ আই পি এলৰ বাবে প্ৰদান কৰিছে ১৭ কোটি টকা। চেন্নাই ছুপাৰ কিংগছে এম এছ ধোনীক প্ৰদান কৰিছে ১৫ কোটি টকা। আনফালে কেইবাবাৰো আই পি এলৰ খিতাপ জয় কৰা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাক ২০২০ৰ আই পি এলৰ বাবে দিয়া হৈছে ১৫ কোটি টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in