আটাইতকৈ বেছি ‘6’ কোবাইও হাৰিল ৰাজস্থানঃ কোনে কিমান ‘6’ কোবালে চাওক…

আটাইতকৈ বেছি ‘6’ কোবাইও হাৰিল ৰাজস্থানঃ কোনে কিমান ‘6’ কোবালে চাওক…

ডিজিটেল ডেস্কঃ আই পি এল শেষ হ'ল। গুজৰাটে চেম্পিয়নৰ খিতাপ জয় কৰিলে। ৰাজস্থানে দ্বিতীয়বাৰৰ বাবে খিতাপ জয়ৰ আশা দেখিছিল যদিও সেই আশা পূৰণ নহ'ল। প্লে' অফত প্ৰৱেশ কৰা লক্ষ্ণৌ, আৰ চি বিয়ে আই পি এল-২০২২ত কেইবাখনো বৃহৎ স্ক'ৰৰ মেচ খেলিছিল। ফাইনেল খেলা ৰাজস্থান ৰয়েলেছেও বহু কেইখন বৃহৎ স্ক'ৰৰ মেচত জয়লাভ কৰি ফাইনেলত উপনীত হৈছিল। এই আটাইকেইখন মেচতেই পৰিছিল ছয়, চাৰিৰ বৰষুণ।

আই পি এল মানেই ছয়, চাৰিৰ বৰষুণ। কিন্তু আপুনি জানি আচৰিত হব, আই পি এল-২০২২ ত সবাটোকৈ কম ছয় কোবায়েই আই পি এলৰ খিতাপ জয় কৰিবলৈ সক্ষম হ'ল গুজৰাট। কোনো এজন নিৰ্দিষ্ট খেলুৱৈৰ ওপৰত ভৰষা নকৰি দলীয় প্ৰচেষ্টাৰে দলটোৱে এই সফলতা লাভ কৰিলে।

দৰাচলতে, গুজৰাটা টাইটানছে আই পি এল-২০২২ ৰ ১০টা দলৰ ভিতৰত আটাইতকৈ কম সংখ্যক ছয় কোবাইছিল। আনহাতে ফাইনেলত পৰাজিত হোৱা ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰসকলে প্ৰতিযোগিতাখনত সৰ্বাধিক সংখ্যক ছয় কোবাইছিল।

ৰাজস্থান ৰয়েলছৰ জছ বাটলাৰে ব্যক্তিগতভাৱে আই পি এল-২০২২ ত সৰ্বাধিক সংখ্যক ছয় কোবাই বঁটাও লাভ কৰিছে। বাটলাৰে চলিত ছিজনত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ লগতে আই পি এলৰ এটা ছিজনত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈৰ তালিকাত দ্বিতীয় স্থানত আছে।

আই পি এল-২০২২ ত ১০ ফ্ৰেঞ্চাইজিৰ আটাইবোৰ ক্ৰিকেটাৰে মিলি মুঠ ১০৬২ টা ছয় কোবাইছিল।আই পি এলৰ ইতিহাসত এইয়াই এটা ছিজনত সৰ্বাধিক ছয়ৰ সংখ্যা।ইয়াৰ পূৰ্বে কোনো এটা  ছিজনতে ১০০০ বা তাতকৈ বেছি ছয় কোবোৱা নাছিল।

আই পি এল-২০২২ত সৰ্বাধীক ছয় কোবোৱা ফ্ৰেঞ্চাইজিৰ তালিকাত ৰানাৰ্ছ আপ ৰাজস্থান ৰয়েলছ যিদৰে প্ৰথম স্থানত আছে ঠিক একেদৰে চেম্পিয়ন গুজৰাট টাইটানছ তালিকাৰ শেষত আছে। গুজৰাটৰ লগতে আন এটা ফ্ৰেঞ্চাইজি হায়দৰাবাদো এইবাৰ সৰ্বাধিক ছয় কোবোৱা ফ্ৰেঞ্চাইজিৰ তালিকাত তলৰ ফালৰ পৰা দুই নন্বৰত আছে।

টুৰ্ণামেণ্টখনত ৰাজস্থান ৰয়েলচে সৰ্বাধিক ১৩৭ টা ছয় কোবোৱাৰ লগতে দলটোৰ হৈ সৰ্বাধিক জছ বাটলাৰে ৪৫ টা ছয় কোবালে। ইয়াৰ পিছতে আছে লক্ষ্ণৌ চুপাৰ জায়াণ্টছ। দলটোৱে মুঠ ১১৫ টা ছয় কোবাইছে আৰু দলটোৰ হৈ সৰ্বাধিক কে এল ৰাহুলে ৩০ টা ছয় কোবাইছে।

এই তালিকাৰ তৃতীয় স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ। কলকাতাই মুঠ ১১৩ টা ছয় কোবাইছে। দলটোৰে হৈ সৰ্বাধিক ছয় কোবালে আন্দ্ৰে ৰাছেলে। ইয়াৰ পিছতে আছে পঞ্জাৱ কিংছ। দলটোৱে মুঠ ১১০ টা ছয় কোবালে। দলটোৰ হৈ লিয়াম লিভিংষ্টেনৰ নামত আছে ৩৪ টা ছয়।

এই তালিকাত পঞ্চম স্থানত আছে দিল্লী কেপিটেলছ। দিল্লীয়ে মুঠ ১০৬ টা ছয় কোবালে। দিল্লীৰ হৈ সৰ্বাধিক ৰোভমেন পাৱেলে ২২ টা ছয় কোবাইছে। ষষ্ঠ স্থানত আছে চেন্নাই চুপাৰ কিংছ। ৪ বাৰৰ চেম্পিয়ন চেন্নাইয়ে এইবাৰ অতি দুৰ্বল প্ৰদৰ্শন আগবঢ়াই নৱম স্থানতে সংন্তুষ্ট থাকে। দলটোৱে মুঠ ১০৩ টা ছয় কোবাই আৰু ইয়াৰে ১৬ টা ছয় আহে শিৱম দুবেৰ বেটৰ পৰা।

এই তালিকাৰ সপ্তম স্থানত আছে প্লে' অফৰ পৰা বাহিৰ হোৱা ৰেয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। আৰ চি বিয়ে মুঠ ১০২ টা ছয় কোবাই। দলটোৰ হৈ দিনেশ কাৰ্তিকৰ বেটৰ পৰা আহে সৰ্বাধিক ছয়। কাৰ্তিকে কোবালে মুঠ ২২ টা ছয়। অষ্টম স্থানত আছে মুম্বাই ইণ্ডিয়ানছ। আই পি এলৰ ইতিহাসত সবাটোকৈ সফল দল হিচাপে পৰিচিত মু্ম্বাইয়ে এইবাৰ সবাটোকৈ নিকৃষ্ট প্ৰদৰ্শন আগবঢ়ালে। মুম্বাইয়ে এইবাৰ মুঠ ১০০ টা ছয় কোবালে। ইয়াৰ ভিতৰত ১৬ টা ছয়েই আহিল টিম ডেভিড আৰু সূৰ্য কুমাৰ যাদৱৰ বেটৰ পৰা।

এই তালিকাৰ নৱম আৰু দশম স্থানত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছ। হায়দৰাবাদে মুঠ ৯৭ টা ছয় কোবাই। দলটোৰ হৈ নিকিলোছ পুৰাণে ২১ টা ছয় কোবাই। আনহাতে চেম্পিয়ন গুজৰাটে মাত্ৰ ৭৯ টা ছয় কোবাই। ইয়াৰ ভিতৰত ডেভিজ মিলাৰৰ বেটৰ পৰাই আহে ২৩ টাকৈ ছয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in