শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

ৰাহুলৰ বেটিং ধুমুহাত বিধ্বস্ত মুম্বাই…

ডিজিটেল ডেস্কঃ লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ অধিনায়ক কে এল ৰাহুলৰ বেটিং ধুমুহাত পুনৰবাৰ পৰাজয়ৰ মুখ দেখিবলৈ বাধ্য হ’ল ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ। ধাৰাবাহিকভাৱে চলিত আই পি এলত মুঠ ৬ বাৰ পৰাস্ত হ’ল মুম্বাই ইণ্ডিয়ানছ। দলটোৱে এতিয়ালৈকে দেখা নাই জয়ৰ মুখ। শনিবাৰে আই পি এলৰ প্ৰথমখন মেচত এল এছ জিয়ে মুম্বাই ইণ্ডিয়ানছক ১৮ ৰাণত পৰাস্ত কৰিছে।

প্ৰথমে বেটিং কৰিবলৈ আহি অধিনায়ক কে এল ৰাহুলৰ শতকিয় ইনিংছৰ সহায়ত এল এছ জিয়ে ২০০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ইয়াৰ পিছতে বেটিং কৰিবলৈ আহি মুম্বাই ইণ্ডিয়ানছে ১৮১ ৰাণত ৯ উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে। দলটোৰ হৈ সূৰ্য কুমাৰ যাদৱে সৰ্বাধিক ৩৭ ৰাণ সংগ্ৰহ কৰে।

এল এছ জিয়ে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৯৯ ৰাণ সংগ্ৰহ কৰে। অধিনায়ক কে এল ৰাহুলে আই পি এলত তেওঁৰ তৃতীয়টো শতক অৰ্জন কৰে। ৰাহুলে ১০৩ ৰাণৰ অপৰাজিত ইনিংছ উপহাৰ দিয়ে।

ক্লিক কৰি পঢ়কঃ ৰজাই কৰিলে লীলা, প্ৰজাই কৰিলে ধৰি বান্ধি কিলাঃ অতুল বৰাৰ বাইক ৰেলীত ধোঁৱা চাঙত যান-বাহন আইন…