কোন হ’ব বিজয়ী : ৱাংখেড়ে ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব পাঞ্জাৱ কিংছ…

কোন হ’ব বিজয়ী : ৱাংখেড়ে ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব পাঞ্জাৱ কিংছ…

ডিজিটেল ডেস্ক : আইপিএলৰ চতুৰ্থ খন খেল ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ'ব । কোৰোনাৰ ভয়াবহতাৰ মাজতে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত এই বৰ্ষৰ আইপিএলৰ চতুৰ্থ খন খেল অনুষ্ঠিত হ'ব । ৰাজস্থান ৰয়েলছক খেল খনত নেতৃত্ব দিব সঞ্জু চেমছনে । যোৱা ছিজনত, পাঞ্জাৱে ছয় নম্বৰত উপনীত হ'বলৈ সক্ষম হৈছিল আৰু শেষলৈকে প্লে অফত উপনীত হোৱাৰ আশা বজাই ৰাখিছিল।

ইফালে ক্ৰিছ মৰিছক ৰাজস্থান ৰয়েলছে বৃহৎ পৰিমাণৰ ধনেৰে দলত অন্তৰ্ভূক্ত কৰিছে । আনহাতে চেমছনৰ অধিনায়কত্বত ৰাজস্থানে যুৱ আৰু অভিজ্ঞ খেলুৱৈসকলৰ সৈতে প্ৰতিযোগিতা খনত প্ৰৱেশ কৰিব। এতিয়া খেলখনকলৈ আশাবাদী পাঞ্জাৱ কিংছ । এই খেলখনক লৈ সমাজিক মাধ্যম আৰু ক্ৰিকেট প্ৰেমী সকলৰ মাজত ব্যাপক চৰ্চা হোৱা দেখা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in