আইপিএল: উদ্বিগ্ন বিচিচিআই, ৱাংখেড়ে ষ্টেডিয়ামৰ ৮ জন গ্ৰাউণ্ডমেন কোৰোনাত আক্ৰান্ত…

আইপিএল: উদ্বিগ্ন বিচিচিআই, ৱাংখেড়ে ষ্টেডিয়ামৰ ৮ জন গ্ৰাউণ্ডমেন কোৰোনাত আক্ৰান্ত…

ডিজিটেল ডেস্ক : ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ্'ব আইপিএল ২০২১ । আইপিএল আৰম্ভ হোৱাৰ পূৰ্বে ক্ৰিকেট প্ৰেমী সকলৰ বেয়া খবৰ । কোৰোনা ভাইৰাছৰ আতংকই খেদি ফুৰিছে আইপিএলক । আইপিএল আৰম্ভ হোৱাৰ আগে আগে ৱাংখেড়ে ষ্টেডিয়ামৰ ৮ জন গ্ৰাউণ্ডমেনৰ দেহত পোৱা গৈছে কোৰোনা ভাইৰাছৰ উপস্থিতি ।

আইপিলৰ আৰম্ভ হোৱাৰ পূৰ্বে গ্ৰাউণ্ড মেন কেইজন কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰে হতাশ কৰি তুলিছে ক্ৰিকেট প্ৰেমী সকলক । কিয়নো এই ৱাংখে়ড়ে ষ্টেডিয়ামত এই চিজন আইপিএলৰ প্ৰায় ১০ খনকৈ খেল অনুষ্ঠিত হ'ব । ইফালে মহাৰাষ্ট্ৰত কোভিডৰ সংক্ৰমন বৃদ্ধি পোৱা সন্দৰ্ভতো উদ্বিগ্ন হৈ পৰিছে বিচিচিআই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in