প্ৰকাশ পালে আই পি এলৰ সূচী,১০ নৱেম্বৰত হব ফাইনেল…

প্ৰকাশ পালে আই পি এলৰ সূচী,১০ নৱেম্বৰত হব ফাইনেল…

ডিজিটেল ডেস্ক : ইউ এ ইত অনুষ্ঠিত হব লগীয়া আই পি এলৰ খেলৰ সময় সূচী দেওবাৰে প্ৰকাশ কৰিলে ভাৰতীয় ক্ৰিকেট বোৰ্ডে । ভাৰতত কোৰোণাৰ সন্ত্ৰাস বৃদ্ধিৰ বাবে ইউ এ ইৰ তিনি স্থানত অনুষ্ঠিত হব আইপিএল । ইউএইৰ তিনি স্থান ডুবাই, আবুধাবি আৰু শ্বাৰজাহত অনুষ্ঠিত হব এই বৰ্ষৰ আইপিএল । উল্লেখ্য যে অহা ১৯ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হব লগীয়া আইপিএলৰ প্ৰথম খন খেল মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই চুপাৰ কিংছ ।

আইপিএলৰ দ্বিতীয় খন খেল দিল্লী কেপিটেল আৰু কিংছ ইলেভেন পঞ্জাবৰ মাজত অনুষ্ঠিত হব । ২১ চেপ্তেম্বৰত সন্মুখ সমৰত নামিব ছানৰাইজাৰ্ছ হাইদৰাবাদ আৰু ৰেয়েল চেলেঞ্জাৰ বাংগালোৰ ।শ্বাৰজাহত ২২ চেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰথম খন খেলত অংশ লব ৰাজস্থান ৰয়েলছ আৰু চেন্নাইৰ চুপাৰ কিংছৰ মাজত অনুষ্ঠিত হব ।

বিচিচিআই-য়ে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুযায়ী প্ৰতিদিনে দুখন কৈ খেল অনুষ্ঠিত হব । প্ৰথম খেল ভাৰতীয় সময় অনুসৰি দুপৰীয়া ৩.৩০ বজাত আৰম্ভ হোৱাৰ লগতে দ্বিতীয় খেল খন আৰম্ভ হব ৭.৩০ বজাত ।ডুবাইত ২৪ খন খেল অনুষ্ঠিত হোৱাৰ লগতে আবু ধাবিত ২০ খন আৰু শ্বাৰজাহত ১২ খন খেল অনুষ্ঠিত হব । আইপিএলৰ ফাইনেল মেচ খন অনুষ্ঠিত হব ১০ নৱেম্বৰত ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in