আই পি এল ২০১৯ঃ ৩৫০ খেলুৱৈ নিলাম, কোন দলে ব্যয় কৰিলে কিমান টকা?

আই পি এল ২০১৯ঃ ৩৫০ খেলুৱৈ নিলাম, কোন দলে ব্যয় কৰিলে কিমান টকা?

ডিজিটেল ডেস্কঃ বৰ্তমান প্ৰস্তুতি তুংগত উঠিছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এল-২০১৯ৰ বাবে। এইবাৰ আই পি এলৰ খেলুৱৈৰ নিলাম অনুষ্ঠান অনুষ্ঠিত হয় ৰাজস্থানৰ জয়পুৰত। মঙলবাৰে দুপৰীয়া ২.৩০ বজাৰ পৰা জয়পুৰত আৰম্ভ হয় খেলুৱৈসকলৰ নিলাম অনুষ্ঠান। এই নিলামত মুঠ ১০০৩গৰাকী খেলুৱৈৰ নাম পঞ্জীয় কৰা হৈছিল যদিও ইয়াৰে ৩৫০গৰাকী খেলুৱৈকহে বাচনি কৰা হয়। ৮গৰাকী ব্যক্তিয়ে এই খেলুৱৈসকলক নিজ নিজ দলৰ বাবে বাচনি কৰিছে।

এইবাৰ খেলুৱৈসকলৰ নিলামত ইংলাণ্ডেৰ অইন মাৰ্গন, অষ্ট্ৰেলিয়াৰ খেলুৱৈ ৰিলে মেৰেডিথ অনকেণ্ড আৰু ভাৰতৰ ময়ঙ্ক ডাগৰ, প্ৰণৱ গুপ্তাক অন্তৰ্ভুক্ত কৰা হৈছে। এই নিলামত ২কোটি টকাৰ তালিকাত ৯জন খেলুৱৈ আছে। য'ত ভাৰতীয় খেলুৱৈ এজনো নাই। ১.৫কোটি টকাৰে ১০গৰাকী খেলুৱৈক খেলৰ বাবে ক্ৰয় কৰা হৈছে। একেদৰে ১ কোটিত ১৯গৰাকী খেলুৱৈ, ৭৫লাখত ১৮গৰাকী খেলুৱৈ, ৫০ লাখ টকাত ৬২গৰাকী খেলুৱৈ, ৪০ লাখ টকাত ৮গৰাকী খেলুৱৈ, ৩০ লাখ টকাত ৮গৰাকী খেলুৱৈ আৰু ২০ লাখ মুঠ ২১৫ গৰাকী খেলুৱৈক ক্ৰয় কৰা হৈছে।

আই পি এলত খেলিবলগীয়া মুঠ ৭টা দলৰ খেলুৱৈসকলৰ নামত কোন দলে কিমান টকা ব্যয় কৰিব আৰু কোন কোন খেলুৱৈৰ সাল-সলনি কৰা হ'ব-

কিংগছ ইলেভেন পঞ্জাৱঃ এই দলটোৱে খেলুৱৈৰ নামত ব্যয় কৰিছে আটাইতকৈ বেছি ধন। মুঠ ৩৬ কোটি ২০ লাখ টকাৰে নিলামত অংশ লৈছে এই দলটোৱে। বৰ্তমান দলটোত মুঠ ১০জন খেলুৱৈ আছে। সেয়েহে আৰু ২৫জন খেলুৱৈ অন্তৰ্ভুক্ত কৰিব পাৰিব দলটোত। দলটোত আছে ৰবিচন্দ্ৰন অশ্বিনী, ক্ৰিছ গেল, লোকেশ ৰাহুল, এন্দ্ৰয়ু টায় আৰু মুজীৱ ওৰ ৰহমান।

দিল্লী কেপিটেলছঃ দিল্লী কেপিটেলছে ২৫কোটি ৫০ লাখ টকাৰে আছে দ্বিতীয় স্থান। দলটোত মুঠ ১৫গৰাকী খেলুৱৈ আছে। ইফালে, দলটোৱে অভিশেক শৰ্মা, বিজয় শংকৰ আৰু শ্বাহৱাজ নদীমৰ বিপৰীতে হায়দৰাবাদৰ বাবে খেলি অহা শিখৰ ধৱনক অন্তৰ্ভুক্ত কৰাইছে।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুঃ এই দলটো তৃতীয় স্থানত আছে মুঠ ১৮ কোটি ১৫ লাখ টকাৰ সৈতে। এইবাৰ দলটোত পূৰ্বৰ খেলুৱৈ ব্ৰেণ্ডন মেক্কুলম, কোৰী এণ্ডৰছন, কিৱন্টন ডি কোক, মণ্ডীপ সিং, ক্ৰিছ ৱোক্স আৰু ছৰফৰাজ খানক অন্তৰ্ভুক্ত কৰা হোৱা নাই। আনহাতে, মণ্ডীপ সিঙৰ সলনি মাৰ্কছ ষ্টোয়নিছক বাচনি কৰিছে।

কলকাতা নাইট ৰাইডাৰ্ছঃ ইফালে, কিং খানৰ দল কলকাতা ধন ব্যয়ৰ ক্ষেত্ৰত এইবাৰ চতুৰ্থ স্থানত আছে। মুঠ ১৫কোটি ২০ লাখ টকাৰে এই নিলামৰ দৌৰত নামিছে কলকাতা।

মুম্বাই ইণ্ডিয়ানছঃ পঞ্চম স্থানত থকা মুম্বাই ইণ্ডিয়ানছে এইবাৰ নিলামত ব্যয় কৰিবলৈ ওলাইছে ১১কোটি ১৫লাখ টকা। দলটোৰ পৰা পূৰ্বৰ খেলুৱৈ সৌৰভ তিৱাৰী, প্ৰদীপ সঙ্গৱান, মোহছিন খান, সৰদ লুম্বা, তেজিন্দৰ সিং ডিলৌহ, জেপী ডুমিনী, পেট কমিন্স, মুস্তাফিজুৰ ৰহমান আৰু অকিলা ধঞ্জয়াক বাহিৰ কৰা হৈছে।

ছনৰাইজাৰ্ছ হায়দৰাবাদঃ হায়দৰাবাদ ষষ্ঠ স্থানত থাকি মুঠ ৯ কোটি ৭০ লাখ টকা ব্যয় কৰিবৰে খেলুৱৈ ক্ৰয় কৰিবলৈ ওলাইছে।ইফালে, এইবাৰ দলটোত শিখৰ ধৱনক দেখিবলৈ পোৱা নাযাব।

চেন্নাই ছুপাৰ কিংগছঃ ৮ কোটি ৪০ লাখ টকাৰে অন্তিম স্থানত আছে দলটো। এই দলটোৰ পৰা মাত্ৰ ৩গৰাকী খেলুৱৈক বাহিৰ কৰা হৈছে. উল্লেখ্য যে, আই পি এল-২০১৮ত জয়ী হৈছিল চেন্নাই ছুপাৰ কিংগছ।

আই পি এল-২০১৯ৰ দলসমূহত খেলুৱৈসকলৰ হোৱা এই সাল-সলনিৰ পাছত কোনে শেষ হাঁহি মাৰিব তাক চাবলৈ অতি উৎসাহে বাট চাই আছে ক্ৰিকেট অনুগামীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in