আইপিএলৰ খবৰ, LIVE UPDATES

আইপিএলৰ খবৰ, LIVE UPDATES

(শেহতীয়া আপডেট পাই থাকিবলৈ 'Refresh' কৰি চাওঁক)

নিশা ৯.২২ বজাতঃ মুম্বাই ইণ্ডিয়ানে সংগ্ৰহ কৰিলে ১৬২ ৰান। জয়ী হ'বলৈ চিএছকেয়ে ভাঙিব লাগিব ১৬৩ ৰানৰ টাৰ্গেট।

নিশা ৯.০০ বজাতঃ মুম্বাই ইণ্ডিয়ানৰ ৬টা উইকেট পতন। ৩ ৰান সংগ্ৰহ কৰি পেভেলিয়নলৈ উভতিল কে পাণ্ডে।

নিশা ৮.৫৩ বজাতঃ টিৱাৰীৰ পাছতে মুম্বাই ইণ্ডিয়ানৰ আৰু এটা উইকেট পতন। ১৪ ৰান কৰি আউট হ'ল হাৰ্ডিক পাণ্ডেয়া।

নিশা ৮.৪৯ বজাতঃ ৪২ ৰান সংগ্ৰহ কৰি পেভেলিয়নমুখী হ'ল বেটছমেন টিৱাৰী। মুম্বাই ইণ্ডিয়ানে ১৪.১ অভাৰত ১২১ ৰান সংগ্ৰহ কৰিছে।

নিশা ৮.৩০ বজাতঃ মুম্বাই ইণ্ডিয়ানছৰ তিনিটা ইউকেট পতন। ১৭ ৰান কৰি আউট হ'ল এছ যাদৱ।

সন্ধিয়া ৮.১৫ বজাতঃ ৩৩ ৰান সংগ্ৰহ কৰি পেভেলিয়নমুখী হ'ল মুম্বাই ইণ্ডিয়ানৰ বেটছমেন ক'ক।

সন্ধিয়া ৮.০২ বজাতঃ মুম্বাই ইণ্ডিয়ানৰ হৈ ক্ৰীজত নামিছে এছ যাদৱ। ৫ অভাৰত সংগ্ৰহ কৰিছে ৪৮ ৰান।

সন্ধিয়া ৮.০০ বজাতঃ মুম্বাই ইণ্ডিয়ানছৰ প্রথমটো উইকেট পতন। ৰোহিত শৰ্মা আউট। ১০টা বলত ১২ৰান কৰি পেভেলিয়নলৈ উভতিল ৰোহিত শৰ্মা। মুম্বাই ইণ্ডিয়ানৰ স্ক'ৰ- ৪.৪ অভাৰত ৪৬ ৰান।

সন্ধিয়া ৭.৫৭ বজাতঃ ৪.২ অভাৰত মুম্বাই ইণ্ডিয়ানেছে বৰ্তমানলৈ সংগ্ৰহ কৰিছে ৪৫ ৰান।

সন্ধিয়া ৭.৩৬ বজাতঃ ক্ৰীজত চিএছকেৰ চহৰৰ প্ৰথমটো বলৰ মুখামুখি হ'ল মুম্বাই ইণ্ডিয়ানছৰ ৰোহিত শৰ্মা।

সন্ধিয়া ৭.৩২ বজাতঃ খেলপথাৰত বলিং-ফিল্ডিঙৰ কাৰণে নামিছে চেন্নাই ছুপাৰ কিংছ।

সন্ধিয়া ৭.২৮ বজাতঃ উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে। ষ্টেডিয়ামত উপস্থিত আছে প্ৰাক্তন ভাৰতীয় খেলুৱৈ সৌৰভ গাংগুলীও। কোভিড প্ৰট'ক'ল তথা সামাজিক দূৰত্ব মানি অনুষ্টুপীয়াকৈ আৰম্ভ হ'ল এই অনুষ্ঠান।

সন্ধিয়া ৭.১০ বজাতঃ মুম্বাই ইণ্ডিয়ানছৰ হৈ ইনিংছ মুকলি কৰিব ৰোহিত শৰ্মা আৰু ডি ক'ক।

সন্ধিয়া ৭.০৯ বজাতঃ অপেক্ষাৰ অন্ত পৰিল। ডুবাইত আৰম্ভ হৈছে আইপিএল-২০২০। উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব চেন্নাই ছুপাৰ কিংছ। খেল আৰম্ভ হোৱাৰ পূৰ্বে দুই দলৰ খেলুৱৈসকলে ৱাৰ্মআপ কৰে খেলপথাৰত। টছত চেন্নাই ছুপাৰ কিংছ জয়ী হয় যদিও, অধিনায়ক এম এছ ধোনীয়ে প্রথমে বল কৰাৰ সিদ্ধান্ত লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in