মুকলি আকাশৰ তললৈ নে তিহাৰ জেলত! পি চিদাম্বৰমৰ জামিন আবেদনক লৈ আজি উচ্চতম ন্যায়ালয়ৰ শুনানি…

ফাইল ফটো
ফাইল ফটো
  • INX মিডিয়া কেলংকাৰীত অভিযুক্ত পি চিদাম্বৰমক জামিন আবেদনক লৈ আজি দেশৰ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি।
  • যোৱা মঙলবাৰে ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছিল চিদাম্বৰমৰ অধিবক্তা কপিল চিব্বাল আৰু অভিষেক মনু সিঙ্ঘভীয়ে।
  • ইফালে জামিনৰ বিৰোধিতাৰে ন্যায়ালয়ত আবেদন কৰিব চি বি আইয়ে।
  • বৰ্তমানেও তদন্ত চলি থকাৰ বাবে পি চিদাম্বৰমক জামিন প্ৰদান নকৰিবলৈ আবেদন দাখিল কৰিব চি বি আইয়ে।
  • চি বি আইৰ মতে, জামিনত মুকলি হলে তদন্ত প্ৰক্ৰিয়া চলাই যোৱাত সৃষ্টি হব অসুবিধাৰ।
  • উল্লেখ্য যে, চি বি আইৰ এই যুক্তিৰ বাবেই কিছুদিনৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিলি চিদাম্বৰমৰ জামিন আবেদন।
  • যদিহে চিদাম্বৰমৰ অধিবক্তাৰ আবেদনৰ সপক্ষে ন্যায়ালয়ে ৰায়দান কৰে তেন্তে মুকলি আকাশৰ তললৈ আহিব দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in