NEET পৰীক্ষাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা…

NEET পৰীক্ষাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা…

ডিজিটেল ডেস্কঃ NEET পৰীক্ষাক লৈ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। উক্ত পৰীক্ষা অনুষ্ঠিত কৰা এজেন্সিক ন্যায়ালয়ে নিৰ্দেশনা প্ৰদান কৰিছে যে, বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই পৰীক্ষাক লৈ সচেতনা বৃদ্ধিৰ বাবে পদক্ষেপ লওঁক। কি পদ্ধতিৰে এই পৰীক্ষাত তেওঁলোকে সুচাৰুৰূপে অৱৰ্তীণ হব পাৰে তাৰ সহজ পদ্ধতি উদ্ভাৱনৰ বাবেও নিৰ্দেশনা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।

ন্যায়ালয়ে উক্ত বিষয়ক লৈ লগতে কয় যে, এই পৰীক্ষাত বছৰত কমেও ১৬লাখ শিক্ষাৰ্থী অৱৰ্তীণ হয়। ইয়াৰ ভিতৰত বিশেষভাৱে সক্ষম শিক্ষাৰ্থীও থাকে। এইসকলে পৰীক্ষাকালত যাতে কোনো কঠিন পৰিস্থিতিৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষক সকলকো সাজু কৰিব লাগে। এই ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত কৰা এজেন্সিয়ে উচিত ব্যৱস্থাগ্ৰহণৰ বাবে ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in