ইন্ট্ৰিগেটেড এগ্ৰো ফাৰমিং ডেভেলপমেণ্ট ছ’চাইটিৰ উদ্যোগত বায়’ফ্লক মীন পালনৰ কৰ্মশালা…

ইন্ট্ৰিগেটেড এগ্ৰো ফাৰমিং ডেভেলপমেণ্ট ছ’চাইটিৰ উদ্যোগত বায়’ফ্লক মীন পালনৰ কৰ্মশালা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ স্বেচ্ছাসেৱী সংগঠন ইন্ট্ৰিগেটেড এগ্ৰো ফাৰমিং ডেভেলপমেণ্ট ছ'চাইটি (intrigeted agro farming development society)ৰ উদ্যোগত নগাঁও জিলা মীন বিভাগৰ সহযোগত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে বায়' ফ্লক (bio flock) মীন পালনৰ এখনি কৰ্মশালা অনুষ্ঠিত হয়।

নগাঁও জিলা মীন বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত এই কৰ্মশালাৰ শুভাৰম্ভ কৰি নগাঁও জিলা মীন উন্নয়ন বিষয়া ড০ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনে বায়ফ্লক (bio flock) মীন পালনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ কম মাটিত অধিক মাছ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি মন্তব্য প্ৰদান কৰে।

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক প্ৰগতিশীল কৃষকে অংশ গ্ৰহণ কৰা কৰ্মশালাখনিত সমল ব্যক্তি ক্ৰমে ৰাজু বৰা, অশোক নাথ, সঞ্জীবন বিশ্বাসে বায়'ফ্লক মীন পালনৰ বিষয়ে পুংখানুপুংখভাৱে বৰ্ননা অগবঢ়াই। প্ৰশিক্ষণৰ শেষৰ ফালে মীন পালক সকলক নগাঁৱৰ মিলনপুৰৰ শশাংক নাথৰ বায়ফ্লক ইউনিটলৈ নি হাতে-কামে প্ৰশিক্ষণ প্ৰদান কৰা হয়। কৰ্মশালাৰ অন্তত অংশ গ্ৰহণ কৰা মীন পালক সকলক প্ৰমান পত্ৰ প্ৰদান কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in