আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ…

আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ…

ডিজিটেল সংবাদ, ছমৰীয়া: সমৰ কলাৰ জৰিয়তে শৰীৰ চৰ্চা আৰু নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে দক্ষিণ কামৰূপৰ বকোৰ বিতোপন বড়োই। উল্লেখ্য যে, দক্ষিণ এছিয়াৰ ফেডাৰেশ্যন অৱ অল স্পৰ্টছৰ উদ্যোগত ৰাষ্ট্ৰীয় স্পৰ্টছ কাউন্সিল অৱ নেপালৰ তত্বাৱধানত নেপাল জামাছাৰ স্পৰ্টছ ক্লাবৰ সহযোগত কাঠমাণ্ডুত আয়োজন কৰা হৈছিল দ্বিতীয় ছাফাজ আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ বৰ্ষৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ কংফু খেলত অংশগ্ৰহণ কৰে দক্ষিণ কামৰূপৰ বকোৰ বিতোপন বড়োই।

ইফালে, উশ্বু কংফু একাডোমী বকোৰ প্ৰশিক্ষক গোবিন্দ দাসৰ তত্বাৱধানত প্ৰশিক্ষণ লোৱা বকোৰ বিতোপন বড়োই জুনিয়ৰ শাখাত ৪২ কে জি কেটেগোৰীৰ সৰ্বোচ্চ সন্মান লাভ কৰি সোণৰ পদক অৰ্জন কৰে। জানিব পৰা মতে, যোৱা ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল কংফু প্ৰতিযোগিতাখন। উশ্বু কংফু একাডেমী বকোৰ প্ৰশিক্ষক গোবিন্দ দাসে জনোৱা মতে বহু চেষ্টা আৰু একাগ্ৰতাৰে খেল খেলি বিতোপনে লাভ কৰে সোণৰ পদক। উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় কংফু গেমত পদক অৰ্জন কৰি বকোলৈ সন্মান কঢ়িওৱা বাবে বিতোপনক বকোত উষ্ণ আদৰণি জনায় ক্ৰীড়াপ্ৰেমীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in