২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

ডিজিটেল ডেস্কঃ বানে বিধস্ত কৰা কেৰালাত দেশৰ দূৰসংযোগ কোম্পানীসমূহেও আগবঢ়াইছে সহায়ৰ হাত। ৰিলায়েন্স জিঅ'ই কেৰেলাত ৭ দিনৰ বাবে কলিং আৰু প্ৰতিদিনে ১.৫ জিবি ডাটা বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে।

এয়াৰটেলেও ২২ আগষ্টলৈকে বান বিধ্বস্ত ৰাজ্যখনৰ প্ৰিপেইড উপভোক্তাসকলক ৩০ টকাৰ বেলেন্স আৰু ১ জিবি ডাটা প্ৰদান কৰিব। এইক্ষেত্ৰত ভোডাফোনো পিছপৰি ৰোৱা নাই। ভোডাফোনে প্ৰদান কৰিছে ৩০ টকাৰ টক'টাইম আৰু ১ জিবি ডাটা।

আইডিয়াইয়ো কেৰেলা বাসীক ৭ দিনৰ বাবে প্ৰদান কৰিছে ১০ টকাৰ বেলেন্স আৰু ১ জি বি ডাটা। 'বিএছএনএল'য়েও প্ৰতিদিনে ২০ মিনিটৰ টক'টাইম আৰু মেচেজ ৭ দিনলৈ বিনামূলীয়া হ'ব বুলি ঘোষণা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in